ETV Bharat / state

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 7PM

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

TOP 10 AT 7PM
7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Nov 10, 2020, 7:00 PM IST

নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আক্ৰাছুৰ তিনিঘণ্টীয়া অন্নশন

বাক্সাৰ জাখলিৰপাৰৰ কণমানি শিশু নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মঙলবাৰে আক্ৰাছুৱে তিনিঘণ্টীয়া অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত জাখলিৰপাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এই বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তোলে সংগঠনটোৱে ৷

6 বছৰ বয়সত কম্পিউটাৰ প্ৰোগ্ৰামাৰঃ গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিলে অৰহমে

পাঁচ-ছয় বছৰীয়া কোনো শিশুৱে পৃথিৱীৰ সবাতোকৈ কম বয়সৰ কম্পিউটাৰ প্ৰোগ্ৰামাৰ হিচাপে স্বীকৃতি লাভ কৰিলে সেয়া নিশ্চয়কৈ আচৰিত কৰিবলগীয়া কথা ৷ আৰু সকলোকে আচৰিত কৰি চৰ্চালৈ অহা শিশুটি হৈছে আহমেদাবাদৰ অৰহম তলচানিয়া ৷

যোৰহাটৰ গ্ৰীণ ভিউ ৰিজৰ্টৰ স্বতাধিকাৰীক আটক

ৰিজৰ্টখনৰ প্ৰতিটো কোঠাই বৰ্তমান ৰূপান্তৰিত হৈছে বেশ্যালয়লৈ । আৰক্ষীৰ অভিযানত ৰিজৰ্টখনৰ প্ৰতিটো কোঠাৰ পৰা উদ্ধাৰ হৈছে অসামাজিক কামৰ লগত জড়িত বহু সামগ্ৰী ।

শিৱসাগৰৰ বাতৰি জগতৰ অন্যতম ব্য়ক্তি বিপুল শৰ্মাৰ স্মৃতিচাৰণ সভা

আশীৰ দশকত শৰ্মা ব্ৰাদাছ নামৰ বাতৰি কাকত পৰিৱেশক সংস্থা মুকলি কৰা বিপুল শৰ্মা শিৱসাগৰ জিলাখনৰ বাতৰি পৰিৱেশনৰ দিশত মূলস্তম্ভ হৈ পৰিছিল ।

বম্বে উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে অৰ্ণৱ গোস্বামীয়ে

ম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ৷ উল্লেখ্য যে, 2018 চনত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা এক গোচৰত আটক হোৱা গোস্বামীৰ অন্তৰ্ৱতীকালিন জামিন নাকচ কৰিছিল বম্বে উচ্চ ন্যায়ালয়ে ৷

বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

বিহাৰত চলি আছে ভোটগণনা ৷ ইতিমধ্যে প্ৰথমখন আসনৰ ফলাফল আহি পৰিছে ৷ সেই অনুসৰি, কেবটী বিধানসভা সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মুৰাৰী মোহন ঝাই ৷ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন নেতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ চাওঁক এই প্ৰতিবেদন ৷

নাগাৰ্নো-কাৰাবাখ চুক্তিক লৈ উত্তপ্ত য়েৰেভান

আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজৰ ভয়ংকৰ যুদ্ধৰ পিচতেই হোৱা চুক্তিক লৈ উত্তপ্ত হৈ পৰে য়েৰেভান ৷ নাগাৰ্নো-কাৰাবাখক লৈ দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰই ৰাছিয়াৰ হস্তক্ষেপত স্বাক্ষৰ কৰা চুক্তিক লৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰ্মেনিয়াৰ জনতাই ৷

LoC ত পাকিস্তানৰ পুনৰ যুদ্ধ বিৰতি উলংঘন

মংগলবাৰে দিনটোতে পাকিস্তানে জম্মু-কাশ্মীৰৰ পোঞ্চ জিলাৰ এল.অ.চিৰ অন্তগত চাহপুৰ, কিৰ্নি, কোৱেচবাত একাধিকবাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে ৷ ভাৰতীয় সেনাৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি সেই সময়ত ভাৰতেও উচিত প্ৰত্যুতৰ দিয়ে পাকিস্তানক ৷

জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি

চিকিৎসালয়খনত যোৱা ৰোগীসকলে পোনপ্ৰথমে নিজৰ ক'ভিড পৰীক্ষা কৰিব লাগিব। এই নতুন চেন্টাৰটো মুকলি কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ বি. পি. শৰ্মাই ।

নুমলীগড় আৰক্ষীৰ জালত হাৰিয়ানাৰ আন্তঃৰাজ্যিক হেকাৰ

নুমলীগড় আৰক্ষীৰ জালত পৰিল হাৰিয়ানাৰ আন্তঃৰাজ্যিক হেকাৰ ৷ নুমলীগড় আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মাধুৰ্য্য দাধৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে হাৰিয়ানা আৰক্ষীৰ সহযোগত কুখ্যাত আন্তঃৰাজ্যিক হেকাৰ ফৰিদ আলি নামৰ ২৯ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.