প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ
বিটিআৰৰ সদৰ কোকৰাঝাৰত অব্যাহত আছে আৰক্ষীৰ অবৈধ অস্ত্ৰ বিৰোধী অভিযান ৷ মঙলবাৰে নিশা আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শৰাইবিল অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এখন স্কৰপিঅ’ গাড়ীৰ পৰা বহু সংখ্যক অত্যাধুনিক মাৰণাস্ত্ৰসহ এই বৃহৎ পৰিমানৰ অস্ত্ৰভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
7 ফেব্ৰুৱাৰীত ঢেকীয়াজুলি আৰু বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ’বলগীয়া দুখনকৈ জনসভাত অংশগ্ৰহণৰ বাবে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ ইয়াৰ পূৰ্বে 6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ বুধবাৰে এই কথা জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
পাঠশালাত বাহুবলীৰ ৰূপত ৰাজ্যিক বিজেপিৰ সভাপতি
নিৰ্বাচন চমু চাপি অহা ক্ষণত সবাতোকৈ আকৰ্ষনীয় হৈ পৰিছে পাটাছাৰকুছিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বিগত নিৰ্বাচনত অগপৰ পবিন্দ্ৰ ডেকাৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ যে চকু পৰিছে সেয়া উমান পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ কুচকাৱাজত ৷ বিগত 6 মাহত বজালীৰ ভবানীপুৰ আৰু পাটাছাৰকুছিত তেওঁৰ সঘন অহা-যোৱাই প্ৰমাণ কৰিছে এই কথা ৷
কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ
কাছাৰ জিলা গুমড়াত জব্দ কৰা হৈছে বিষ্ফোৰক সামগ্ৰী ৷ সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জিলেটিন আৰু ডিটনেটৰ ৷ লগতে আটক কৰা হৈছে মেঘলায়ৰ দুজনকৈ লোক ৷ উল্লেখ্য যে, বুধবাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসম-মেঘালয় সীমান্তৱৰ্তী গুমড়া মালিডহৰত 37 অসম ৰাইফল আৰু অসম আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় ৷
মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান
বুধবাৰে মুকলি কৰা হ'ল মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে পাঠদান ৷ দুপৰীয়া 1 বজাত মুখ্যমন্ত্ৰীয়ে মাজুলীত উপস্থিত হৈ সাংস্কৃতি বিশ্ববিদ্যালয়ৰ অস্থায়ী গৃহৰ দ্বাৰ উদঘাটন কৰে ৷ ইফালে, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্রীশ্রী অনিৰুদ্ধ দেব ক্ৰিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জে পি বাৰ্মা ৷
হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলীক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ
সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ ৷ দলৰ প্ৰতিজন নেতাকৰ্মী ব্যস্ত হৈ পৰিছে দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাত ৷ বুধবাৰে নগাঁৱৰ নেহেৰুৱালীত ৰাজনৈতিক সভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশাল চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকী ৷ প্ৰায় 25 কিলোমিটাৰ বাট চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে ৷
দিল্লীৰ কাৰাগাৰত আৱদ্ধ ১১৫ গৰাকী কৃষক: কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰা অনুসৰি, গণতন্ত্ৰ দিৱসৰ দিনা ৰাজধানী চহৰখনত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত কেইবাজনো কৃষক কাৰাবন্দী হৈ আছে ৷ তেনে এক কাৰাবন্দী কৃষকৰ তালিকা মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পৰিছে ৷
ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা
বহু বিতৰ্কৰ অৱসান ঘটাই অৱশেষত ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা । অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ স্বাক্ষৰৰ পাছতে আনুষ্ঠানিকভাৱে বন্ধ হৈ পৰিল মাদ্ৰাছা সমূহ । এতিয়াৰে পৰা সাধাৰণ শিক্ষা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হ’ব সকলো চৰকাৰী মাদ্ৰাছা । লগতে ৰাজ্যপালৰ স্বাক্ষৰৰ পাছতে বাতিল হ’ল ১৯৯৫ আৰু ২০১৮ চনৰ মাদ্ৰাছা শিক্ষা আইনো। ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে গেজেট নটিফিকেচন ।
তেজপুৰ মহাবিদ্যালয়ত দুই ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ
ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ ৷ নিৰ্বাচনী ৰণক্ষেত্ৰত এটা দলে আনটো দলক প্ৰতিহত কৰিবলৈ নামি পৰিছে যুদ্ধত ৷ প্ৰত্যেক দিনেই এজন নেতাই আন এজনক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ ইয়াৰ প্ৰভাৱ যেন দেখিবলৈ পোৱা গৈছে শিক্ষানুষ্ঠান সমূহৰ নিৰ্বাচনীতো ৷ এই কথাকে পুনৰ প্ৰমাণিত কৰিলে তেজপুৰ মহাবিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰতিদ্বন্দী দুই ছাত্ৰ গোটৰ মাজৰ সংঘৰ্ষই ৷
ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি
ৰঙিয়াত মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷