লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ
লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে এক লাখকৈ সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শনিবাৰে মৰিগাঁৱৰ নেলী মকৰীয়াৰ গিৰিধৰ পাতৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লাইকা-দধীয়াৰ প্ৰায় তেৰশ পৰিয়ালৰ মাজত 13 কোটি টকা আৱন্টন কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
বিজেপিত যোগদানৰ বাবে প্ৰস্তুত বিধায়ক ভুৱন পেগু
বিজেপিত যোগদানৰ বাবে প্ৰস্তুত বিধায়ক ভুৱন পেগু ৷ শনিবাৰে জোনাই মহকুমাত ভূমি অৱন্টন তথা মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত হৈ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে গণশক্তি দলৰ বিধায়ক গৰাকীয়ে ৷ ইতিমধ্যে গণশক্তি দল ত্যাগ কৰি বিজেপি দলৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সমাপ্ত হোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে বিধায়ক ভুৱন পেগুৱে ৷
বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা
ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটা ৰোডত চি পি আই এমে উৰুৱালে লাল ঝাণ্ডা ৷ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰি বিজেপিৰ বিৰুদ্ধে কঠোৰ আক্ৰণাত্মক হৈ পৰে চি পি আই এমৰ নেতা কৰ্মী ৷
কলিয়াবৰত ক্ৰিকেট খেলুৱৈ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নগাঁও জিলাৰ কলিয়াবৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কলিয়াবৰত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে ডাঃ টি.আও গ্ৰাম্য ক্ৰীয়াংগনত চলি থকা ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰতিযোগীৰ লগত মত-বিনিময় কৰে ৷ আনকি, খেলৰ আনন্দও লয় মন্ত্ৰী গৰাকীয়ে ৷
অখিলৰ মুক্তিৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী
ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈৰ মুক্তি দাবীৰে কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী । গুৱাহাটীৰ গণেশগুৰিৰ গণেশমন্দিৰ সমীপত সাব্যস্ত কৰে এই কাৰ্যসূচী ৷ ইফালে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ ৷ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহাৰ অভিযোগ আৰক্ষীৰ ৷
গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
ৰুৰ চোৰাং ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হোৱা গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে । পূৰ্বেও গৰুৰ চোৰাং বেহাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ ৰোষত পৰিছিল আদম ।
নলবাৰীৰ বৰাজোলত সৌৰ শক্তি চালিত হিমঘৰ মুকলি
নলবাৰী জিলাৰ 59 নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত 14 নং পূৱ বনভাগ গাঁও পঞ্চায়তৰ বৰাজোলত আনুষ্ঠানিকভাৱে মুকলি হ'ল এটি সৌৰ শক্তি চালিত হিমঘৰ ৷ গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা সংস্থাপিত সৌৰ শক্তি চালিত হিমঘৰটো শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ৷
ডিমাহাচাওত বিভিন্ন জাতীয় সংগঠনৰ সৈতে বিজেপিৰ বৈঠক
আগন্তুক বিধান সভা নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰস্তুতিৰ বিষয় লৈ শনিবাৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা হাফলঙত উপস্থিত হয় ৷ জিলাখনৰ বিভিন্ন দল সংগঠনৰ সৈতে এক আলোচনাত মিলিত হৈ ৰাইজৰ সৈতে মতামত গ্ৰহণ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছায়।
বৰপেটাত কমলাৰ বাবে মামীয়েকে হত্যা কৰিলে ভাগিনীয়েকক
বৰপেটাত দুটা কমলাৰ বাবে মামীয়েক মফিদা খাতুনে হত্যা কৰিলে ভাগিনীয়েক আজিজুল হকক ৷ গোৱৰ্ধনাৰ এটা পুখুৰীৰ পানীত পেলাই হত্যা কৰে শিশুটিক ৷ আৰক্ষীয়ে ইতিমধ্যে মহিলা গৰাকীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
বৰপেটাত পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস
বৰপেটাত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি পালন কৰা হয় কুষ্ঠ নিবাৰণী দিৱস ৷ এই ৰোগবিধৰ সজাগতা সন্দৰ্ভত জিলাখনত সজাগতা সভা আৰু সজাগতা সমদলৰো আয়োজন কৰা হয় ৷