ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা খবৰ

author img

By

Published : Oct 14, 2020, 5:01 PM IST

5 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ 10 টা খবৰ

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগলৈ নিৰ্বাচিত চীন আৰু ৰাছিয়া

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগত হোৱা নিৰ্বাচনত জয়লাভ কৰিছে চীন, ৰাছিয়া আৰু কিউবাই। আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পৰা ব্যৰ্থ হয় ছৌদি আৰৱ ।

বিহাৰ নিৰ্বাচন: আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে

কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি দলটোৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই তালিকা প্ৰকাশ কৰিব দলটোৱে । মহাগোটবন্ধনৰ পিছতেই দলটোৱে ৭০ খন আসনৰ বাবে আজি তালিকা প্ৰকাশ কৰিব ।

৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত আছিল: মেহবুবা মুফ্টী

ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টী । মুক্তি লাভ কৰিয়েই ৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বিহাৰ নিৰ্বাচন: হাছানপুৰত মনোনয়ন দাখিল তেজ প্ৰতাপৰ

আৰজেদি দলৰ নেতা তথা লালু প্ৰসাসৰ পুত্ৰ তেজ প্ৰতাপে হাছানপুৰত মনোনয়ন দাখিল কৰে । সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক জেদিইউ দলৰ ৰাজ কুমাৰ ৰায়ৰ বিৰুদ্ধে যুঁজ দিব তেজ প্ৰতাপে ।

আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

মঙলবাৰে পুৱতি নিশা আলফা (স্বা) ৰ তিনি গৰাকী কেডাৰে নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে । কেডাৰ কেইগৰাকী ক্ৰমে গোৱালপাৰাৰ কুনাল অসম (৩২), তিনিচুকীয়াৰ ৰুচনা অসম (৪০) আৰু চৰাইদেউৰ লাচিত অসম (২৫) বুলি জানিব পৰা গৈছে ৷

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

ফলাফল ঘোষণাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষা। ৱেবছাইটত প্ৰকাশিত হ'ল ছীল, মোহৰ,স্বাক্ষৰ বিহীন বাছনি তালিকা। মন্ত্ৰী ভৱেশ কলিতাই উকা উত্তৰবহী জমা দিবলৈ কোৱাৰ অভিযোগ প্ৰাৰ্থীৰ।

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ উৎস কৰিমগঞ্জ

সঞ্জিত কৃষ্ণৰ কৰিমগঞ্জৰ ঘৰৰ পৰাই ফাদিল হৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত । CIDৰ অভিযানত বিস্ফোৰক তথ্য প্ৰকাশ। মহানগৰীৰ হাস্পতালত চিকিৎসাধীন অক্ষয় চান্দ বৈদ।

CSKৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা এম.এছ ধোনীৰ

চেন্নাই চুপাৰ কিংছৰ অল ৰাউণ্ডাৰ চেম কৰণক প্ৰশংসা দলটোৰ কেপ্তেইন এম.এছ ধোনীৰ । মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে হোৱা মেচত অ'পেনাৰ ফাফ ডু প্লেছিছৰ সৈতে অ'পেনিং কৰি ২১ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰাৰ লগতে চানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰৰ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয় চেম কৰণে ।

মধ্য প্ৰদেশত বিবাদঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৯ গৰাকীকৈ লোক

মধ্যপ্ৰদেশৰ মঞ্চাখেড়ী গাঁৱত মঙলবাৰে বিয়লি ভাগত বিবাহিত দম্পত্তিৰ আত্মীয়ৰ সৈতে হোৱা এক বিবাদৰ ফলত ৯ গৰাকী সদস্যসহ এজন ৫ বছৰীয়া লৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তসকলক জিলা স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে যদিও সংকটজনক অৱস্থাত আছে ৫ বছৰীয়া ল'ৰাটো ।

বিধায়কসহ ১৫ গৰাকী নেতাক বহিষ্কাৰ কৰিলে জেডিইউৰ নেতা নিতীশ কুমাৰে

দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে জেডিইউ দলে বহিষ্কাৰ কৰিলে দলটোৰ বিধায়কসহ ১৫ গৰাকী নেতাক । বহিষ্কৃত নেতাৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কো আছে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মঙলবাৰে এই সিদ্ধান্ত লয় নিতীশ কুমাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.