পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যঃ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা নেতাসকলে বৃহস্পতিবাৰে ৰাজীৱ ভৱনৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্মঘট কৰে কংগ্ৰেছ দলে ৷
জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি
জোনাইত বৰ্ধিত বানৰ প্ৰকোপত দিশহাৰা হৈ পৰিছে স্থানীয় ৰাইজ ৷ মঙলবাৰে নিশাৰ ভিতৰতে বানে ন ন অঞ্চল বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহকুমাটোত ৷ জোনাই নদীয়ে মথাউৰি চিঙাৰ ফলত সম্প্ৰতি জলমগ্ন হৈ পৰিছে জিলাখনৰ মহমৰা অঞ্চল ৷
২২৯ গৰাকী যাত্ৰীক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান
২২৯ গৰাকী ভাৰতীয় নাগৰিকক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা হৈছে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান। বন্দে ভাৰত মিছনৰ অংশ হিচাপে বুধবাৰে দিল্লী আৰু হায়দৰাবাদৰ ভাৰতীয় লোকসকলক লৈ দেশলৈ উৰা মাৰে বিমানখনে।
দ্বিতীয়টো কোভিড-১৯ৰ পৰীক্ষাৰ বাবে সাজু জোফ্ৰা আৰ্চাৰ
এছ ইংলিছ পেছাৰ জোফ্ৰা আৰ্চাৰে ইংলেণ্ডৰ শিৱিৰত উপস্থিত হোৱাৰ পিছতে তেওঁৰ পৰিয়ালৰ এগৰাকী সদস্যৰ অসুস্থতাৰ বাবে তেওঁৰ উপস্থিতি পলমকৈ হয় । সেয়েহে আৰ্চাৰে বৃহস্পতিবাৰে প্ৰশিক্ষণ শিবিৰৰ বন্ধ দুৱাৰৰ পিছত যোগদান দিব যদি তেওঁৰ দ্বিতীয়টো কোভিড-১৯ পৰীক্ষাতো নিগেটিভ ফলাফল ওলায় ।
অতীজৰে পৰা ভাৰত আমাৰ ঘনিষ্ঠ বন্ধু
ভাৰত চীন দুয়োখনে আমাৰ বন্ধু দেশ হোৱাৰ উপৰিও ভাল প্ৰতিৱেশী ৰাষ্ট্ৰ । মঙলবাৰে এই মন্তব্য কৰে বাংলাদেশৰ বিদেশ মন্ত্ৰী আব্দুল মোমনে । তাৰোপৰি বিগত ১৬ জুনত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাংলাদেশ মন্ত্ৰী আব্দুল মোমনে ।
HONOR য়ে উন্মোচন কৰিলে নতুন স্মাৰ্টফোন, লেপটপ আৰু ঘড়ী
স্মাৰ্টফোন ব্ৰেণ্ড HONOR য়ে উন্মোচন কৰিলে HONOR 9A ৷ এই স্মাৰ্টফোনত 5000mAh বেটাৰী, 33 ঘন্টাৰ 4G ফোনৰ সুবিধা আৰু 35 ঘন্টাৰ ভিডিঅ' প্লেবেকৰ লগতে 37 ঘন্টাৰ FM ৰেডিঅ' প্লেবেকৰ সুবিধা প্ৰদান কৰা হৈছে ৷
নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ
আম আদমি পাৰ্টী অসমৰ মহিলা মৰ্চাৰ প্ৰতিবাদ ৷ নাৰী সুৰক্ষা বৃদ্ধি কৰিবলৈ গুৱাহাটীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আপৰ মহিলা মৰ্চাই ৷
পুখুৰীত পৰি সলিল সমাধি এটি ১০ বছৰীয়া শিশুৰ
চাপৰৰ ফলিমাৰীত পানী ভৰ্তি পুখুৰীত পৰি সলিল সমাধি এটি ১০ বছৰীয়া শিশুৰ ৷ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল ৰাকিবুল ইছলাম নামৰ শিশুটি ৷
টিকটবিহীনভাৱে যাত্ৰা কৰি ৰে'ল আৰক্ষীৰ জালত পৰিল 6গৰাকী শ্ৰমিক
নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত টিকটবিহীনভাৱে যাত্ৰা কৰি ৰে'ল আৰক্ষীৰ জালত পৰে 6গৰাকী শ্ৰমিক ৷ বুধবাৰে নাৰেংগী ৰে'ল আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত কৰায়ত্ত কৰে ডিমাপুৰৰ পৰা অহা শ্ৰমিককেইগৰাকীক ৷
ডিব্ৰুগড়ত নিচা মুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু
ডিব্ৰুগড়ৰ মিলন নগৰস্থিত প্ৰত্যাবৰ্তন নামৰ নিচা মুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে চিকিৎসাধীন যুৱকৰ মৃত্যুৰ ঘটনা। কেন্দ্ৰটোৰ বাথৰোমত সন্দেহজনক ভাৱে এখন গামোচাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ।