ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 5PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 23, 2020, 5:14 PM IST

আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ স্বাস্থ্য কেন্দ্ৰটোলৈ অহা এগৰাকী যুৱকক কোভিডৰ পৰীক্ষা কৰাবলৈ নি স্বাস্থ্য কৰ্মীয়ে আদবাটতে এৰি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে ৷ বিষয় সন্দৰ্ভত প্ৰতিবাদমুখৰ হৈ পৰিছে ঘগ্ৰাপাৰৰ আছু কৰ্মীসকল ৷

দিব্য কৰ'ণিল টেবলেট : ৰাইজক কৰ'ণাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে এই ঔষধে !

পতঞ্জলিৰ হৰিদ্বাৰস্থিত প্ৰতিষ্ঠানত ইতিমধ্যেই মুকলি কৰা হৈছে দিব্যা কোৰোনিল টেবলেট (Divya Coronil Tablet) নামে এক প্ৰতিষেধক ঔষধ ৷ যোগ গুৰু ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই ইতিমধ্যেই ইয়াৰ প্ৰায়োগিক পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে ৷ এই ড্ৰাগটো পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট (Patanjali Research Institute) আৰু নেশ্বনেল ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, জয়পুৰ (National Institute of Medical Science, Jaipur)এ যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷

সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত সৰৱ আমছু

ৰাজ্যৰ ভিন্ন স্থানত সংখ্য়ালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ খবৰে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে ৷ সম্প্ৰতি এই বিষয়টোৰ সন্দৰ্ভত সৰৱ ভূমিকা গ্ৰহণ কৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠনে উচিত তদন্তৰ দাবী জনাইছে ৰাজ্য চৰকাৰক ৷ বঙাইগাঁৱতো আমছুৱে এক সংবাদমেলৰ জৰিয়তে বিষয়টো উত্থাপন কৰি উচিত তদন্তৰ দাবী জনাইছে চৰকাৰক ৷

কৰ'ণা সম্পৰ্কীয় বিশ্বজোৰা শেহতীয়া সকলো তথ্য

বিশ্বত কৰ'ণাৰ সংহাৰী ৰূপে বিধ্বস্ত কৰিছে জন জীৱন, অৰ্থনীতি তথা শিক্ষা ব্যৱস্থা ৷ কৰ'ণাৰ ফলত বহু দেশত অচল হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ এই পৰ্যন্ত বৰ্তমানলৈকে বিশ্বত 9,188,363 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে,মৃত্যুক আঁকোৱালি লৈছে 474,339 গৰাকীয়ে ৷

কৰ'ণা ভাইৰাছৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ মুকলি পতঞ্জলিৰ

দেশবাসীৰ বাবে সুঃখবৰ । মঙলবাৰে পতঞ্জলিয়ে মুকলি কৰিছে COVID-১৯ ৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ "কৰ'নিল" । আয়ুৰ্বেদিক কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দাবী এই ঔষধৰ দ্বাৰা, 5 ৰ পৰা 14 দিনৰ ভিতৰতেই COVID-১৯ ৰ পৰা আৰোগ্য় লাভ কৰিব পৰা যাব ।

বেতজান চাহ বাগিচাত নৈশ চকীদাৰক হত্যা

তিনিচুকীয়াৰ বেতজান চাহ বাগিচাত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী নৈশ চকীদাৰক হত্য়া কৰে দুৰ্বৃত্তই ৷ চাহপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই চকীদাৰজনক হত্য়া কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

শ্ৰীনগৰত স্থাপন হ'ব প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহ

কাশ্মীৰবাসীয়ে সুদীৰ্ঘ 30 বছৰৰ পিছত লাভ কৰিব মাল্টিপ্লেক্স ছবিগৃহ ৷ ৰীগল, পেলেডিয়ম, খায়াম, ফিৰডৌচ, শাহ চিনেমা, নীলম শিৰাজ, খায়াম আৰু ব্ৰডৱেৰ দৰে ছবিগৃহ বন্ধ হৈ পৰিছিল 1990 দশকত ৷ ছবি গৃহ বন্ধ হোৱাৰ বহু বছৰৰ পিছত কাশ্মীৰৰ শ্ৰীনগৰত এইবাৰ স্থাপন হ'ব মাল্টিপ্লেক্স ছবিগৃহ ৷

প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ নীতি উলংঘা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

কৰিমগঞ্জৰ জিলা কংগ্রেছৰ কার্যালয়ৰ সম্মুখত চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ একাংশ নেতা-সদস্যৰ ৷ প্ৰতিবাদ কৰিবলৈ আহি পাহৰিলে সামাজিক দূৰত্বৰ কথা ৷

তিনি দিন উকলাৰ পাছতো স্বাৱ পৰীক্ষণ নহ'ল CRPF জোৱানৰ

তিনিদিন কোৱাৰেন্টাইন হৈ থকাৰ পাছতো বহিঃৰাজ্যৰ পৰা অহা তিনি জোৱানৰ স্বাৱ গ্ৰহণ কৰা নাই নগাঁও স্বাস্থ্য বিভাগে ৷ এই গুৰুত্বৰ অভিযোগ এজন চি আৰ পি এফ জোৱানৰ ৷ ফোনেৰে এটা ভিডিঅ' প্ৰস্তুত কৰি চি আৰ পি এফ জোৱানজনে জানিবলৈ দিয়ে যে, এটা মাহৰ ছুটি লৈ ঘৰলৈ আহিছিল জম্মু কাশ্মীৰত কৰ্মৰত চি আৰ পি এফ জোৱান পাপু মণি কলিতা ৷

প্ৰধান শিক্ষকে বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি

বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মেধেৰটাৰী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্যোৎস্নাৰাণী বৰ্মনৰ সহযোগত ভুৱা প্ৰস্তাৱেৰে বিদ্যালয়ৰ নামত থকা ৭ বিঘা মাটি বিক্ৰী কৰে প্ৰধান শিক্ষকগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.