ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Oct 30, 2022, 3:01 PM IST

Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (Deuri Autonomous Council Election) । দলীয় টিকট নাপাই বহুজনে দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সাতজন কাৰ্যকর্তাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে (BJP expelled 7 members of Deuri AC) । ২২ টা সমষ্টিৰ ১৮ টাত প্ৰাৰ্থী দিছে বিজেপিয়ে । চাৰিটা এৰি দিছে মিত্রদল অগপক ।

Arms recovered at Mazbat : মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অসম আৰক্ষীৰ আন এক সফলতা ৷ এইবাৰ মাজবাটৰ লালপানীত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms recovered at Mazbat) ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা AK47, 6 টা খালী মেগজিন, 620 জাই সজিব গুলী ৷

Tribute programme at Ganeshguri: ১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভুক্তভোগীৰ পৰিয়াল

আজি ৩০ অক্টোবৰ । ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম(Serial bomb blast in Assam) । মহানগৰীৰ গনেশগুৰি উৰণীয়া সেঁতুৰ তলত ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(Tribute programme at Ganeshguri) ।

Life struggle of an old man : স্বাস্থ্যমন্ত্ৰীৰ আশাতেই বন্দী ভাৱৰীয়া ক্ষীৰ নাথ

জীৱন নাটৰ নিসংগ ভাৱৰীয়া ক্ষীৰ নাথ ৷ কলিয়াবৰৰ ভাওনা বুলি ক’লে মনলৈ আহে জমখলা গাঁৱৰ ক্ষীৰ নাথৰ কথা (Bhaona Artist Khira Nath of Kaliabor) ৷ এসময়ত ভাওনাত দপদপাই থকা কলিয়াবৰৰ ভাৱৰীয়াজন আজি দুৰাৰোগ্যত আক্ৰান্ত ৷ এতিয়া তেওঁৰ সংগী কেৱল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰা হুইল চেয়াৰখন ৷ ক্ষীৰ নাথে আপোন ঘৰখনৰ বিছনাখনতে বহি অতি কষ্ট আৰু দুখেৰে পাৰ কৰিছে সময় (Life struggle of Kaliabor Bhaona Artist Khira Nath) ৷ তেওঁৰ খবৰ ল’বলৈ যেন কাৰোৰে আজি আহৰি নাই ৷

Cursed Halloween for South Korea : হেলোইন উদযাপনৰ মাজতে ছিউলত ১৫১ গৰাকী লোকৰ মৃত্যু

হেলোইন উদযাপনৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত মৰ্মান্তিক ঘটনা (Accident during Halloween celebration)। দুৰ্ঘটনাত মৃত্যু প্ৰায় ১৫১ গৰাকী লোকৰ । প্ৰায় ৮২ গৰাকী লোক গুৰুতৰভাৱে আহত । মৃতকৰ ভিতৰত ১৯ গৰাকী বিদেশী নাগৰিক । সমগ্ৰ বিশ্বৰ শোক প্ৰকাশ ।

River erosion in Bhalukpong: ভালুকপুঙত নৈৰ বুকুত জাহ গ'ল বনভোজস্থলী

শোণিতপুৰ জিলাত জীয়া ভৰালী নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে (Erosion in Sonitpur)। ১১ মাইলৰ বনভোজস্থলীও নৈৰ বুকুত জাহ গৈছে । শংকিত অঞ্চলটোৰ ৰাইজ ।

Assam Arunachal Border: অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পীযুষ হাজৰিকা পেমা খাণ্ডুৰ বৈঠক

অচিৰেই সমাধান হব অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ(Assam Arunachal Pradesh border dispute) । বিশ্বনাথৰ-পাকে কেচাঙৰ ৪ খন গাঁৱকলৈ পেমা খাণ্ডুৰে আলোচনা মন্ত্ৰী পীযুষ হাজৰিকা ।

Hare Krishna Festival : নগাঁৱৰ ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ ৰাছিয়ান মহিলাৰ

বিগত ২৮ তাৰিখৰ পৰা নগাঁৱৰ হয়বৰগাঁও আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত সংঘ চমুকৈ ইস্কনৰ উদ্যোগত শ্ৰী শ্ৰী হৰেকৃষ্ণ নামহট্ট সংঘৰ বাঙালী পূজাবাৰী পূজা সমিতি পৰিচালনাত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু হৰেকৃষ্ণ উৎসৱৰ আয়োজন কৰা হৈছে (Hare Krishna Festival in Nagaon) । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাবে শনিবাৰে নগাঁও চহৰৰ মাজমজিয়াৰে নগৰ কীৰ্তন নামৰ এখনি শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাত সুদূৰ ৰাছিয়াৰ সুমতী দেৱী দাসী আৰু তেওঁৰ পুত্ৰই অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় (Russian woman attend a religious program in Nagaon) ।

Miscreants vandalized temple idol : মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক উত্তম মধ্যম ৰাইজৰ

ডিব্ৰুগড়ৰ মৰাণত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Moran)। মন্দিৰৰ মূৰ্তি ভঙাক লৈ তীব্ৰ উত্তেজনা মৰাণত । অভিযুক্তক প্ৰহাৰ কৰিলে স্থানীয় লোকে । শনিবাৰে বিয়লি মৰাণৰ পিয়লি নগৰৰ কালি মন্দিৰৰ মূৰ্তি ভাঙি থৈ যায় কোনো দুষ্কৃতিকাৰীয়ে (Miscreants vandalize temple idol in Moran)। ইয়াৰ পাছতে ক্ষোভিত হৈ পৰে স্থানীয় ভক্তপ্ৰাণ ৰাইজ । ইফালে মূৰ্তি ভঙা দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত । চিচিটিভি কেমেৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি অৱশেষত ৰাইজে দুষ্কৃতিকাৰীক বিচাৰি উলিয়ায় ।

Corruption in Majuli IWT : যাত্ৰীৰ জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

প্ৰকৃততে কি চলি আছে মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত ? অভিযোগ অনুসৰি, কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰে মিলি লুণ্ঠন অব্যাহত ৰাখিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগত (Allegation of Corruption against IWT) ৷ সাংবাদিকে দুৰ্নীতিৰ কথা সুধিলেই পলাব খোজে অভিযন্তা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.