গুৱাহাটী, 25 নৱেম্ৱৰ : অসমৰ চাহ উদ্যোগলৈ অশনি সংকেত ৷ তীব্ৰ প্ৰত্যাহ্বান আহি পৰিছে চাহ উদ্যোগলৈ (Assam tea industry in trouble) ৷ কয়লা আৰু ইউৰিয়া সাৰৰ অভাৱৰ বাবে শেহতীয়াভাৱে অসমৰ চাহ উদ্যোগ বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত বুধবাৰে নৰ্থ ইষ্টাৰ্ণ টী এচোছিয়েশ্যনৰ( North eastern tea association) ২০ সংখ্যক Biennial general meeting ত নৰ্থ ইষ্টাৰ্ণ টী এচোছিয়েশ্যনৰ(North eastern yes association) ৰ অধ্যক্ষ সুনীল জালানে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
তেওঁ কয় যে, ৰাজ্যত বছৰি প্ৰায় 715 নিযুত কিলোগ্ৰাম চাহ উৎপাদন হয় । ৰাজ্যত প্ৰায় 800 খন চাহ ফেক্টৰী আছে । ইয়াৰে 50 শতাংশ চাহ ফেক্টৰী কয়লাৰ দ্বাৰা আৰু ৫০ শতাংশ চাহ ফেক্টৰী প্ৰাকৃতিক গেছৰ জৰিয়তে পৰিচালিত হয় । 1 কিলোগ্ৰাম চাহ উৎপাদন কৰাৰ বাবে 800 গ্ৰামৰ পৰা 1 কিলোগ্ৰাম কয়লাৰ প্ৰয়োজন । অৰ্থাৎ অসমৰ চাহ ফেক্টৰীবোৰক বছৰি 3 লাখ 50 হেজাৰ মেট্ৰিক টন কয়লাৰ প্ৰয়োজন হয় । কিন্তু ৰাজ্যত প্ৰয়োজনীয় কয়লাৰ ঘাটিৰ বাবে চাহ উদ্যোগ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে (Assam tea industry facing trouble due to scarcity of coal) ।
ইপিনে অসমত 4 লাখ হেক্টৰ মাটিত চাহ খেতি কৰা হয় । বছৰি প্ৰতি হেক্টৰ মাটিত চাহ খেতিৰ বাবে 283 কিলোগ্ৰাম ইউৰিয়াৰ প্ৰয়োজন । অৰ্থাৎ বছৰি 4 লাখ হেক্টৰ মাটিত চাহ খেতি কৰাৰ বাবে 1 লাখ 13 হেজাৰ দুশ মেট্ৰিক টন ইউৰিয়াৰ প্ৰয়োজন ।
কিন্তু ৰাজ্যত প্ৰয়োজনীয় ইউৰিয়াৰ ঘাটিৰ বাবে চাহ উদ্যোগ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । ঠিক সেইদৰে অসমত জলবায়ু পৰিৱৰ্তন, মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা, শ্ৰমিকৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱা, ভাৰতৰ পৰা চাহৰ ৰপ্তানীত স্থবিৰতাৰ সৃষ্টি হোৱা, চাহিদ-যোগানৰ ভাৰসাম্যহীনতা, শ্ৰমিকৰ অভাৱ, ভাৰতত নিম্নমানৰ চাহৰ আমদানি হোৱা আৰু অসম বিদ্যুৎ বিতৰন কোম্পানী লিমিটেডে (APDCL) সঘনাই বিদ্যুৎ কৰ্তন কৰা আদি কাৰণবোৰ বাবেও অসমৰ চাহ উদ্যোগ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে ।
তেওঁ জনায় যে, 2019 চনত ভাৰতত 1,390.08 কিলোগ্ৰাম চাহ উৎপাদন হৈছিল । ইয়াৰে 716.49 নিযুত কিলোগ্ৰাম চাহ অসমতে উৎপাদন হৈছিল । ভাৰতৰ পৰা চাহৰ ৰপ্তানী যোৱা তিনি বছৰত হ্ৰাস হৈছে । 2017-18 চনত ভাৰতৰ পৰা 256.57 নিযুত কিলোগ্ৰাম চাহৰ ৰপ্তানি হৈছে । তাৰ বিপৰীতে 2018-19 চনত ভাৰতৰ পৰা 258.50 নিযুত কিলোগ্ৰাম আৰু 2020-21 চনত 203.79 নিযুত কিলোগ্ৰাম চাহৰ ৰপ্তানি হৈছে ।
নৰ্থ ইষ্টাৰ্ণ টী এচোছিয়েশ্যনৰ( North eastern tea association)ৰ অধ্যক্ষ সুনীল জালানে সভাৰ জৰিয়তে অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ বাবে অসমৰ চাহ উদ্যোগবোৰক APDCL য়ে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰা, কয়লাৰ ঘাটি পূৰণ কৰা, AGCL য়ে অসমৰ সকলো চাহ উদ্যোগবোৰক প্ৰাকৃতিক গেছ যোগান ধৰা, প্ৰয়োজনীয় ইউৰিয়া সময়ত উপলব্ধ কৰা আদি ব্যৱস্থাবোৰ কৰাৰ বাবে চৰকাৰক পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় ।
লগতে পঢ়ক : Assam tourism : দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ