গুৱাহাটী,22মেঃ লক ডাউনৰ বাবে কৰ্ণাটকৰ বাংগালুৰুত আৱদ্ধ হৈ আছে অসমৰ বহু যুৱক । কৰ্ম সূত্ৰে বহিঃৰাজ্যলৈ যোৱা যুৱক সকলে 3 মাহে আৱদ্ধ হৈ আছে কৰ্মস্থলীত ৷ কৰ‘ণা মহামাৰীৰ বাবে তেওঁলোকে যি কোম্পানীত কাম কৰি আছিল সেইবোৰ বন্ধ হৈ পৰাত আৰ্থিক সংকটৰ লগতে বিভিন্ন সমস্যাত ভূগিছে ৷ সেয়েহে উপায়ন্তৰ হৈ চৰকাৰক তেওঁলোকক নিজ ঘৰলৈ ঘূৰাই আনিবৰ বাবে আহ্বান জনাইছে যুৱকসকলে ৷
উল্লেখযোগ্য যে, অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলক নিজ ৰাজ্যলৈ আনিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই অনুসৰি তেওঁলোকে যাৱতীয় নথি-পত্ৰ দি আবেদন কৰিছে যদিও বৰ্তমানলৈ চৰকাৰৰ কোনো সঁহাৰি নোপোৱাত ভিডিঅ'ৰ জৰিয়তে চৰকাৰলৈ আবেদন কৰিছে প্ৰায় 160 জন যুৱকে । ইপিনে চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে দুই হাজাৰ টকাৰ যি সাহাৰ্য্য প্ৰদান কৰিছে সেই সাহাৰ্য্যও বহু যুৱকে পাবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিলে যুৱকসকলে ।
আনহাতে, যুৱক কেইজনে জানিবলৈ দিয়া অনুসৰি অধিক সংখ্যক যুৱক বাক্সা জিলাৰ । নিঃসহায় হৈ পৰা যুৱক কেইজনৰ এতিয়া একমাত্ৰ ভৰসা অসম চৰকাৰ । গতিকে অসম চৰকাৰক অনুৰোধ কৰি তেওঁলোকক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাই এইসকল যুৱকে ।
লগতে পঢ়কঃ চৰকাৰলৈ বিশেষ আহ্বান ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ