ETV Bharat / state

SDGP GP Singh on job scam: ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলো গ্ৰেপ্তাৰ হ’ব

author img

By

Published : Oct 21, 2022, 2:13 PM IST

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বক্ৰ পথেৰে আৰক্ষীৰ চাকৰি লবলৈ গৈ CID জালত পৰিছে কেইবাগৰাকী প্ৰাৰ্থী ৷ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব ( Assam police constable job scam)- বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ক'লে (SDGP GP Singh on job scam) ৷

SDGP GP Singh on Assam police constable job scam
SDGP GP Singh on job scam: ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলো গ্ৰেপ্তাৰ হ’ব

গুৱাহাটী, ২১ অক্টোবৰ: "আমি ইতিমধ্যে চিআইডিক নিৰ্দেশনা দিছো ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব ( Assam police constable job scam)৷ চাৰ্টিফিকেট প্ৰদান কৰা কম্পিউটাৰ INSTITUTE ৰ স্বত্বাধিকাৰীও সাৰি নাযাব তদন্তৰ আওতাৰ পৰা।" কনিষ্টবল নিযুক্তি CID ৰ গোচৰ প্ৰসংগত এই মন্তব্য প্ৰকাশ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (SDGP GP Singh on job scam) ৷

উল্লেখ্য যে বক্ৰ পথেৰে আৰক্ষীৰ চাকৰি লবলৈ গৈ CID জালত পৰিছে কেইবাগৰাকী প্ৰাৰ্থী ৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি পত্ৰ দাখিল কৰা প্ৰাৰ্থী ১১ জন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে (11 Arrested on Assam police constable job scam) ।

গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীকেইজন ক্ৰমে আতিকুৰ ৰহমান, অলি উল্লাহ , মুস্তাফিজোৰ ৰহমান, আব্দুল ৰহমান , সমৰ দাস, যাবিদ আহমেদ, ফিৰোজ আহমেদ , ইছমাইল হুছেইন ,দিলদাৰ অল হুছেইন, অশোক বৰ্মণ , অনিৰ্বান দাস ।

অসম আৰক্ষীৰ কনিষ্টবল পৰ্যায়ৰ পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি দাখিল কৰাৰ বিষয় সন্দৰ্ভত চি আই ডিত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল । সেই গোচৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে চি আই ডি এ ।

২০১৮ চনত অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰি ২০২১ ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ ৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিলে ৷ চলিত বৰ্ষৰ১২ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল । কিন্তু পৰীক্ষাৰ ফলাফলৰ পূৰ্বেই ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি ফলাফল স্থগিত কৰি ৰখা হৈছিল ৷

লগতে পঢ়ক: AP Vigilance Raid : ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.