ETV Bharat / state

আছুৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 11, 2020, 10:49 PM IST

মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছিল অসম চুক্তিৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন ৷ তাৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ অৱশেষত ৬নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

Sarbananda sonowal reaction assam acord report
আছুৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন ৰাজহুৱাঃ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী,11আগষ্টঃ ৰাজহুৱা হ'ল অসম চুক্তিৰ ৬নং দফা কমিটীৰ প্ৰতিবেদন। প্ৰতিবেদন প্ৰস্তুত হোৱাৰ ৫ মাহ উকলি যোৱাৰ পাছতো ৬নং দফা কাৰ্যকৰী কৰাত আগ্ৰহ প্ৰকাশ নকৰিলে চৰকাৰে। যাৰ বাবে উপায়ন্ত হৈ মঙলবাৰে সংবাদমেল যোগে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিলে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন।

এই প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে হৈ চৈ লাগিছে সমগ্ৰ ৰাজ্যতে। চৰকাৰকো সমালোচনা কৰিছে বিভিন্নজনে। এনে সময়তে প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "খিলঞ্জীয়াক অধিকাৰ হকে বিজেপি নেতৃত্বাধীন চৰকাৰে সকলো ব্যৱস্থা কৰিব। এই ক্ষেত্ৰত আমাক সন্দেহ নকৰিব। পূৰ্বৰ কোনো চৰকাৰে অসমীয়া ৰাইজৰ হৈ এনেদৰে পদক্ষেপ লোৱা নাছিল । ৬নং দফা কাৰ্যকৰী হ'বই। কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেহে এই কামত বাধা আহি পৰিছে ৷" বুলি তাৎপৰ্য্য পূণ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ শিৱসাগৰত বিটু সোণোৱাল আৰু মানস কোঁৱৰক উস্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.