ETV Bharat / state

পাঠ্যক্ৰমৰ পৰা বাদ পৰিল কেতবোৰ বিষয় : কি কয় সচেতন মহলে ?

author img

By

Published : Oct 1, 2020, 5:31 PM IST

ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিছে বহু কেইটা বিষয় ৷ যাক লৈ সচেতন মহলৰ মাজত দেখিবলৈ পোৱা গৈছে এক মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিছে বহু কেইটা বিষয়

গুৱাহাটী, 1 অক্টোবৰ : অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কৰ'ণা মহামাৰীৰ বাবে চমু কৰিছে পাঠ্যক্ৰম ৷ যাৰ বাবে পাঠ্যক্ৰম চমুৱাৰ নামত তেওঁলোকে পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় ৷ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল ভাৰতৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ ভূমিকা, মহাত্মা গান্ধীৰ অৱাদান, অসহযোগ আন্দোলন, ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু আদি বিষয়ক পাঠ ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে সচেতন মহলৰ মাজত ৷ এই ক্ষেত্ৰত কংগ্ৰেছ নেতা কিশোৰ ভট্টই বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷

তেওঁৰ মতে, নৱ প্ৰজন্মৰ লোকেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ তেওঁ এগৰাকী কংগ্ৰেছ নেতা নহ'লেও ইয়াৰ বিৰোধিতা কৰিলেহেতেন বুলি কয় ৷ ইয়াৰোপৰি তেওঁ কয়, সেই পাঠ্যক্ৰমসমূহ বিস্তৃতভাৱে নিদি সংক্ষিপ্ত সাৰাংশ এটা হ'লেও দিব লাগিছিল ৷ বহল ব্যাখ্যা নাৰাখি সংক্ষিপ্তভাৱে হ'লেও সেই পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে ৷ এনেবোৰ দিশ নুবুজাকৈয়ে তেওঁলোকে নিজাববীয়াকৈ কৰা এনেবোৰ কামে চৰকাৰখনৰ স্বৈৰাচ্ছাৰীতাকহে প্ৰতিপন্ন কৰে বুলিও কংগ্ৰেছ নেতা গৰাকীয়ে মন্তব্য কৰে ৷ ভাৰতবৰ্ষৰ সংবিধানৰ গণ্ডীৰ ভিতৰত কাম কৰাতো চৰকাৰৰ দায়িত্ব কিন্তু তেওঁলোকে তেনে নকৰা পৰিলক্ষিত হৈছে বুলিও কয় তেওঁ ৷

পাঠ্যক্ৰমৰ পৰা বাদ পৰিল কেতবোৰ বিষয়: কি কয় সচেতন মহলে ?

আনহাতে এই ক্ষেত্ৰত এগৰাকী শিক্ষকে উল্লেখ কৰা অনুসৰি, চৰকাৰে কেৱল মহাত্মা গান্ধীৰ অৱদান বা অসহযোগ আন্দোলন আদিৰ দৰে পাঠ্যক্ৰমেই বাদ দিয়া নাই ৷ তেওঁলোকে আৰ এছ এছ, বিজেপিৰ লগত জড়িত বা তেওঁলোকৰ ইতিহাস সম্বলিত কেতবোৰ দফাও পাঠ্যক্ৰমৰ পৰা সাময়িকভাৱে কৰ্তন কৰিছে ৷ এইয়া কেৱল ছাত্ৰ-ছাত্ৰীক সাময়িক সকাহ দিয়াৰ বাবেহে কৰা হৈছে ৷ ই ৰাজ্যখনক গেৰুৱাকৰণ কৰাক নুবুজায় ৷

লগতে পঢ়ক: মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.