গুৱাহাটী, ১৬ জুলাই : 'কা' আন্দোলনত শ্বহীদ হোৱা দীপাঞ্জল দাসৰ মৃত্যুৰ ৩ বছৰ হোৱাৰ পিছতো মৃত্যুৰ প্ৰমাণ-পত্ৰ পোৱা নাই পৰিয়ালৰ লোকে । অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি দলটোৰ মুখপাত্ৰ বনদীপ দত্তই ৰাজহুৱা কৰে এই কথা ৷ তেওঁ কয়, "'কা'-বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালে আজিলৈকে ন্যায় পাবলৈ সক্ষম হোৱা নাই (Allegation to not receive justice CAA martyrs families) ।
সংবাদমেলত তেওঁ আৰু কয় যে ছেম ষ্টেফ'ৰ্ডৰ গোচৰতো আৰক্ষীক দোষমুক্ত কৰি পৰিয়ালটোক ন্যায়ৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত মহামান্য ন্যায়ালয়ে আৰক্ষীৰ ফাইনেল ৰিপ'ৰ্ট নাকচ কৰি প্ৰাৰম্ভিক পৰ্যায়ত শ্বহীদ পৰিয়ালৰ প্ৰতি কিছু ন্যায়ৰ ৰেঙনি দেখুৱাইছে । আনহাতে, ‘কা'-বিৰোধী আন্দোলনৰ প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ (first martyr of anti CAA movement Deepanjal Das) প্ৰসংগক লৈও তেওঁ সৰৱ হয় । তেওঁ কয়, "অতি পৰিতাপৰ বিষয় যে সততে জাতি, মাটি আৰু ভেটিৰ কথা কোৱা অসমৰ বিজেপি চৰকাৰে 'কা' আন্দোলনৰ শ্বহীদক ন্যায় দিয়াৰ প্ৰসংগত তিলমানো সদিচ্ছা প্রকাশ নকৰিলে ৷ আনকি শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুৰ প্ৰমাণ-পত্ৰখনো সংশ্লিষ্ট বিভাগে আজিলৈকে পৰিয়ালক প্ৰদান নকৰিলে ।
আজি তিনি বছৰ দীপাঞ্জলৰ পৰিয়ালে মৃত্যুৰ প্ৰমাণ-পত্ৰ বিচাৰি চিকিৎসা মহাবিদ্যালয় আৰু আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে । তিনি বছৰ এটা পৰিয়ালক এনেদৰে হাৰাশাস্তি কৰাৰ ঘটনাই আমাক সকলোকে আচৰিত আৰু মৰ্মাহত কৰি তুলিছে । গতিকে অসম তৃণমূল কংগ্ৰেছে 'কা' আন্দোলনৰ শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালক মৃত্যুৰ প্ৰমাণ-পত্ৰখন শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনাইছোঁ । আনহাতে, শ্বহীদ পৰিয়ালসমূহে ন্যায় পোৱাটো বিচাৰিছোঁ । ইতিমধ্যে আমাৰ দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই আগভাগ লৈ আইনী সাহায্য আগবঢ়াইছে । ফলত অন্য এগৰাকী শ্বহীদ ছেম ষ্টেফ'ৰ্ডৰ (martyr of anti CAA movement Sem Steford) পৰিয়ালে ন্যায় পোৱাৰ পথত এখোজ আগবঢ়া দেখা গৈছে । গতিকে দীপাঞ্জল দাসৰ পৰিয়ালেও ন্যায় পোৱাটো আমাৰ কাম্য । এই ক্ষেত্ৰত আমি অসমৰ 'কা'-বিৰোধী সকলো দল-সংগঠনক একত্ৰিত হৈ শ্বহীদ পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছোঁ ।"
আনহাতে, সংবাদ মাধ্যমৰ আগত দীপাঞ্জল দাসৰ মাতৃয়ে কয় যে দীপাঞ্জল দাসৰ মৃত্যুৰ প্ৰমাণ-পত্ৰখন সোনকালে পাব লাগে । তাৰ বাহিৰে তেওঁ বেলেগ একো বিচৰা নাই । তেওঁৰ অভিযোগ, তিনিবছৰ ধৰি জি এম চি এইচ, পল্টনবজাৰ থানাৰ সৈতে মৃত্যুৰ প্ৰমাণ-পত্ৰ বিচাৰি কেইবাবাৰো যোগাযোগ কৰিছিল যদিও তেওঁ এইক্ষেত্ৰত একো সঁহাৰি নাপালে ।
লগতে পঢ়ক :CM Press Conference: বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’লে আৰ্থিক সাহাৰ্য পোৱাৰ সম্ভাৱনা নাই !