গুৱাহাটী,27 এপ্ৰিল: সহকাৰী আৰক্ষী আয়ুক্তৰ চহী জাল কৰি আৰক্ষীৰ জালত পৰিল এজন আৰক্ষী । গ্ৰেপ্তাৰ হোৱা কনিষ্টবলজন নুনমাটি সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত পল্লব তামুলীৰ কাৰ্যালয়ৰ পৰেশ কলিতা। কনিষ্টবলজনৰ লগতে গ্ৰেপ্তাৰ পংকজ বৰা আৰু দুৰ্গা তিৱাৰী নামৰ দুজন দালাল ৷
উল্লেখ্য যে, গুৱাহাটী শোধনাগাৰৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰিৰ ভেৰিভিকেছনৰ বাবে দুই মধ্যস্থতাকাৰী দুৰ্গা তিৱাৰী আৰু পংকজ বৰাই নুনমাটি সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত পল্লব তামুলীৰ কাৰ্যালয়ৰ কনিষ্টবল পৰেশ কলিতাৰ জৰিয়তে দীৰ্ঘদিন ধৰি চহী জালিয়াতি কৰি আহিছিল । সহকাৰী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ কনিষ্টবল পৰেশ কলিতাই শোধানাগাৰৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰিৰ ভেৰিভিকেছনত সহকাৰী আৰক্ষী আয়ুক্তৰ চহী জালিয়াতি কৰি অহাৰ লগতে সহকাৰী আৰক্ষী আয়ুক্তৰ ভূৱা প্ৰতিবেদন প্ৰস্তুত কৰি আহিছিল। ইয়াৰ বিনিময়ত কনিষ্টবল পৰেশ কলিতাই প্ৰতিটো ভেৰিভিকেছনৰ নামত পাঁচশ (৫০০) টকালৈ আদায় লৈ আহিছিল। কিন্তু শুকুৰবাৰে গুৱাহাটী শোধানাগাৰৰ এজন শ্ৰমিকে পুনৰ চাকৰিৰ পত্ৰ নবীকৰণ কৰিবলৈ নুনমাটি থানালৈ অহাত সকলো কথা পোহৰলৈ আহে। ততাতৈয়াকৈ আৰক্ষীয়ে অভিযুক্ত কনিষ্টবল পৰেশ কলিতা আৰু দুই দালাল ক্ৰমে পংকজ বৰা আৰু দুৰ্গা তিৱাৰীক গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি 409/419/468 ধাৰাৰ অধীনত 205/19 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি কনিষ্টবল সহ দুই দালালক জেৰা অব্যাহত ৰাখিছে ।