গুৱাহাটী, ২৬ মে': নৱনিযুক্ত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিৎ দাসে মূল্যবৃদ্ধিক লৈ শেহতীয়াকৈ কৰা কেতবোৰ মন্তব্যই অসমৰ জনতাক উপলুঙা কৰিছে বুলি প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । অলপতে যোগান মন্ত্ৰীগৰাকীয়ে মিঠাতেলৰ দামবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে এতিয়া অসমৰ ৰাইজে খাটি আৰু ভেজাল নোহোৱা মিঠাতেল খাবলৈ পাইছে । সেয়েহে মিঠাতেলৰ মূল্য বজাৰত বৃদ্ধি পাইছে । যোগান মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।
তেওঁ আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া কেনেধৰণৰ কথা ? এনে মন্তব্যৰ জৰিয়তে যোগান মন্ত্ৰীয়ে অসমৰ জনতাক উপলুঙা কৰিছে । অ'তদিনে তাৰমানে অসমৰ মানুহে ভেজাল মিঠাতেল খাই আহিছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । যদি সেয়াই হয় তেন্তে অসমৰ মানুহক জ্ঞাতসাৰেই ভেজাল খাদ্য খুৱাই থকাৰ অভিযোগত কিয় খাদ্য আৰু যোগান বিভাগৰ এজনো বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ'ল বুলিও তেওঁ প্ৰশ্ন তোলে ।
লগতে পঢ়ক : নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই