ETV Bharat / state

মিজো দুৰ্বৃত্ত নহয় মিজো আৰক্ষীয়েহে হত্যা কৰিছে অসমৰ জোৱানক : দেবব্ৰত শইকীয়া

author img

By

Published : Jul 26, 2021, 11:01 PM IST

অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজোৰ গুলীত ছয়গৰাকী অসম আৰক্ষীৰ জোৱান নিহত হয় । এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ তাৎক্ষণিকভাৱে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

opposition-leader-debabrata-saikia-on-mizo-firing
মিজো দুৰ্বৃত্ত নহয় মিজো আৰক্ষীয়েহে হত্যা কৰিছে অসমৰ জোৱানক : দেবব্ৰত শইকীয়া

গুৱাহাটী, ২৬ জুলাই : অসম-মিজোৰাম সীমান্তত মিজো উগ্ৰপন্থীৰ দ্বাৰা চলোৱা গুলিত অসম পুলিচৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ উপৰিও কেইবাজনো আৰক্ষী তথা সাধাৰণ লোক আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ই । বিৰোধী দলপতিগৰাকীয়ে কয় যে, যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, মোৰ অনুভৱ হয়, এইয়া খুব সম্ভৱ মিজো আৰক্ষীয়ে হ'ব । আজিৰ পৰা প্ৰায় ৯ মাহ আগতেই মিজো আৰক্ষীৰ সহযোগিতাত মিজো লোকে অসমৰ ভূমি বেদখল কৰি আহিছে । মই নিজেও সেই অঞ্চল পৰিভ্ৰমণ কৰিছিলো আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছিলো ।

বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চৰকাৰে তেওঁলোকৰ কথা নুশুনিলে যাৰ ফলশ্ৰুতিত আজিৰ এই ঘটনা সংঘটিত হৈছে । চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশনতো তেওঁ সোধা এক প্ৰশ্নৰ উত্তৰত জনোৱা হৈছিল যে, ২০১৬ চনৰ পৰা এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ লোকে ২০৯ বাৰ অসমৰ ভূমিত আগ্ৰাসন কৰিছে । শইকীয়াই ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শিক্ষা দিয়াৰ উপৰিও সীমান্ত অঞ্চলৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় ।

বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia )ই মিজো আক্ৰমণত এতিয়ালৈকে নিহত হোৱা‌ ৭ জনকৈ জোৱান তথা নিহত হোৱা সাধাৰণ লোকৰ পৰিয়ালবৰ্গৰ লগতে তেখেতসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেখেতে লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

লগতে পঢ়ক : অমিত শ্বাহৰ অসম ভ্ৰমণ নিৰাশাজনক : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.