ETV Bharat / state

হোটেল-ৰেষ্টুৰেণ্ট সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা - new guideline for hotel and restaurant service

সন্ধিয়া ৬ বজালৈকে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিত বহি গ্ৰাহকে আহাৰ গ্ৰহণ কৰিব পাৰিব । লগতে ৬ বজাৰ পাছতো স্থানীয় প্ৰশাসনৰ নিৰ্দেশনামৰ্মে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিয়ে হোম ডেলিভাৰী কৰিব পাৰিব ।

ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা
ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা
author img

By

Published : Apr 21, 2021, 5:17 PM IST

গুৱাহাটী,২১ এপ্ৰিল: ৰাজ্যত বৃদ্ধি হোৱা কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰিছিল ক'ভিডৰ নতুন গাইডলাইন । নতুন গাইডলাইন অনুসৰি দৈনিক ৬ বজাৰ পিছত বজাৰ-হাটৰ লগতে দোকান, শ্বপিং মল আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিছিল চৰকাৰে ।

ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা
ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা

সেই নীতি-নিৰ্দেশনাৰ পাছত ৰাজ্য চৰকাৰে বুধবাৰে পুনৰ হোটেল, ৰেষ্টুৰেণ্ট আদিক লৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি সন্ধিয়া ৬ বজালৈকে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিত বহি গ্ৰাহকে আহাৰ গ্ৰহণ কৰিব পাৰিব । লগতে ৬ বজাৰ পাছত স্থানীয় প্ৰশাসনৰ নিৰ্দেশনামৰ্মে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিয়ে হোম ডেলিভাৰী কৰিব পাৰিব ।

আনহাতে, হোটেলৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহ তাত উপস্থিত থকা সকলৰ বাবে ৬ বজাৰ পিছতো খোলা থাকিব । ৬ বজাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ই-কমাৰ্চৰ জৰিয়তে হোম ডেলিভাৰী কৰিব পাৰিব । ক’ল্ড ষ্টোৰেজসমূহ ৬ বজাৰ পিছত খোলা থাকিব যদিও গ্ৰাহকৰ বাবে নহয় । কোনো গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব ।

ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা
ৰেষ্টুৰেণ্টকলৈ চৰকাৰৰ নতুন নিৰ্দেশনা

ফাৰ্মাচী, চিকিৎসালয়, পশু চিকিৎসাৰ লগত জড়িত সেৱাসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহয় । এই নিৰ্দেশনা ৩০ এপ্ৰিললৈ বাহাল থাকিব । উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে ৰাজ্য চৰকাৰে গাইডলাইন আৰু অধিক কঠোৰ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰে অনুৰাগ গোৱেলৰ বৈঠক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.