ETV Bharat / state

Debt on Assam govt: এটি শিশুৱে ল’ব লাগে ৪৮ হাজাৰ টকাৰ ধাৰৰ বোজা - ধাৰৰ উপৰি ধাৰ লৈছে অসম চৰকাৰে

ধাৰৰ উপৰি ধাৰ লৈছে অসম চৰকাৰখনে ৷ ৰাজ্য চৰকাৰৰ বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা এই বিষয়টোলৈ সৰৱ হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi react on loans taken by govt) ।

Assam govt take more loan
ধাৰৰ উপৰি ধাৰ লৈছে অসম চৰকাৰে
author img

By

Published : Mar 14, 2023, 2:08 PM IST

ধাৰৰ উপৰি ধাৰ লৈছে অসম চৰকাৰে

গুৱাহাটী, ১৪ মাৰ্চ : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা চৰকাৰে বৰ্তমানলৈ লোৱা ঋণৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । বিধানসভা চৌহদত অখিল গগৈয়ে প্ৰতিকী ৰূপত অসম চৰকাৰে লোৱা 'অসমৰ ঋণ'ৰ খতিয়ান দাঙি ধৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে শেহতীয়াকৈ বিধাসভাত দিয়া তথ্য মতে অসম চৰকাৰে আৰু ৪২০০ কোটি টকাৰ ঋণ লৈছে । অসমৰ আজিৰ দিনটোলৈ ঋণৰ পৰিমাণ হৈছে ১,৩১,২৭৩ কোটি টকা (MLA Akhil Gogoi react on loans taken by Assam Govt )।

Assam govt take more loan
ধাৰৰ উপৰি ধাৰ লৈছে অসম চৰকাৰে

সেই অনুসৰি অসমৰ এজন মানুহৰ ওপৰত এতিয়া ধাৰৰ বোজা ৩৮ হাজাৰ টকা বুলি কয় বিধায়কগৰাকীয়ে । লগতে তেওঁ কয় যে তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যখনৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা । আনহাতে সৰ্বানন্দ সোণোৱালৰ দিনত পাঁচ বছৰত লোৱা ঋণৰ পৰিমাণ আছিল ৪৮,৮০১ কোটি টকা । কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰ পূৰ্ণ হোৱাৰ পূৰ্বেই ঋণ ল'লে ৪০,৫০৯ কোটি টকা । অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন অসমৰ ইতিহাসত আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰ ৰূপে পৰিগণিত হৈছে (Assam government is in huge debt) ।

যাৰ পৰিপ্ৰেক্ষিতত বৰ্ত্তমান এটি শিশুৰ জন্ম হোৱাৰ লগে লগে ৪৮ হাজাৰ টকাৰ ধাৰৰ বোজা ববলগীয়া হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে । ৰাজ্য চৰকাৰে এতিয়া আঁচনি ৰূপায়ণৰ ক্ষেত্রত ধাৰৰ ধনৰ বাবে ৰৈ থাকিব লাগে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে সপ্তাহে সপ্তাহে কেবিনেট পতাৰ মূল উদ্দেশ্যই হৈছে ধাৰ বিচৰা । কেন্দ্ৰীয় চৰকাৰে ধাৰ দিয়া বন্ধ কৰি দিয়াত অসম চৰকাৰে মুকলি বজাৰৰ পৰা ধাৰ ল’বলৈ আৰম্ব কৰিছে বুলি কয় বিধায়ক অখিল গগৈয়ে (Assam govt take more loan) ।

লগতে পঢ়ক : Assam govt in debt: পুনৰ 1000 কোটি টকা ঋণ ল'ব হিমন্ত চৰকাৰে

যাৰ ফলত চৰকাৰখনে ভৰিবলগীয়া হৈছে বৃহৎ অংকৰ সুদ । এনে এক পৰিস্থিতিৰ মাজতো মুখ্যমন্ত্রীগৰাকীয়ে সকলো সময়তে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইট লৈ ঘূৰি ফুৰা বিষয়টোৰ উল্লেখ কৰি ধাৰ-ঋণ কৰি হ'লেও চৰকাৰখনে ঘিউ-মৌ খাবই বুলি তীক্ষ্ণ ভাষাৰে কটাক্ষ কৰে (Debt on Assam govt) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.