ETV Bharat / state

DIPRৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ মন্ত্রী পীযুষ হাজৰিকা - জলসম্পদ বিভাগৰ মন্ত্ৰী

ৰাকেশ পালৰ দিনত অসম লোক সেৱা আয়োগ(Assam public service comission)ৰ নিযুক্তিত হোৱা দুৰ্নীতিৰ সৈতে তথ্য আৰু জনসংযোগ বিভাগ(Information and public relation department)ৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়মৰ কথাও পোহৰলৈ আহিছিল ৷ এই সন্দৰ্ভত আপোচবিহীনভাৱে ব্যৱস্থা লোৱা হ’ব বুলি সাংবাদিকক অৱগত কৰিছে মন্ত্রী পীযুষ হাজৰিকাই ৷ বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও পুনৰ সৰৱ হ'ল মন্ত্রী পিযুষ হাজৰিকা ৷ শুকুৰবাৰে মন্ত্ৰী গৰাকীয়ে অখিল গগৈ সন্দৰ্ভত কেইবাটাও তীৰ্যক মন্তব্য কৰা দেখা গ’ল ৷

minister-pizush-hazarika-speaks-on-accused-scam-of-information-and-public-relation-departments-employment
ডিআইপিআৰৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ মন্ত্রী পিযুষ হাজৰিকা
author img

By

Published : Jul 2, 2021, 7:14 PM IST

গুৱাহাটী, ২ জুলাই : ৰাকেশ পালৰ দিনত অসম লোক সেৱা আয়োগ(Assam public service comission)ত হোৱা নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া পুনৰ দ্ৰুতগতিত আৰম্ভ হৈছে । উল্লেখ্য যে, সেই সময়ত তথ্য আৰু জনসংযোগ বিভাগ(Information and public relation department)ৰ নিযুক্তিৰ ক্ষেত্রতো অনিয়ম হোৱাৰ এক অভিযোগ উত্থাপন হৈছিল । ইতিমধ্যে পুনৰ এই কেলেংকাৰীৰ ফাইল খুলিছে অসম আৰক্ষীয়ে ৷

বিভাগটোত হোৱা নিযুক্তি সম্পৰ্কীয় কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে জনতা ভৱনত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাই(Minister Pizush Hazarika) কয় যে, ''এই সন্দৰ্ভত আজিলৈকে মোক কোনেও একো কোৱা নাই । আজি মোক এই সন্দৰ্ভত কোৱা হৈছে যেতিয়া মই বিষয়টো গুৰুত্ব সহকাৰে লৈছো । কিবা থাকিলে মোক জনালে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এইক্ষেত্রত কোনো আপোচ কৰা নহ'ব । ''

আনহাতে, বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্তি পোৱা ৰাইজৰ দল(Raijor dol)ৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Sivsagar MLA Akhil Gogoi)ৰ প্ৰসংগক লৈ পুনৰ সৰৱ হৈ পৰে মন্ত্রীগৰাকী ।

DIPRৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ মন্ত্রী পীযুষ হাজৰিকা

অখিল গগৈ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয়, অখিল গগৈয়ে তেওঁলোকক(বিজেপিক) হৰুৱাবলৈ বহু চেষ্টা কৰিও একো কৰিব নোৱাৰিলে আৰু তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল । অখিল গগৈৰ ৰাইজৰ দলে চৰকাৰ কৰিম বুলি ভাবিছিল, চৰকাৰ গঠন কৰিব নোৱাৰিলেও গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ সলনি মাত্ৰ এখন হে আসন লাভ কৰিলে ৷ দলটোৱে আমানতৰ ধন বাজেয়াপ্ত হোৱাৰ ৰেকৰ্ড কৰিলে বুলি উল্লেখ কৰে মন্ত্ৰীজনে ।

বিধায়ক অখিল গগৈক সমালোচনা কৰি কৰি মন্ত্রী হাজৰিকাই পুনৰ কয় যে, অখিল গগৈয়ে ক'ৰবাত কাৰোবাৰ সৈতে কিবা এটা 'ফিটিং' কৰি জেলৰ পৰিবৰ্তে মাহৰ পাছত মাহ ধৰি ৰজাৰ দৰে মেডিকেলৰ কেবিন(medical cabin)ত থাকিল । এই কামৰ দ্বাৰা তেওঁ অসমত বিহাৰ-উত্তৰ প্ৰদেশৰ ষ্টাইল আৰম্ভ কৰিছে । ইফালে, সমাগত বানপৰিস্থিতিৰ পূৰ্বে ইতিমধ্যে ২৪ টা ভঙা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলিও মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী(water resource minister) গৰাকীয়ে ।

লগতে পঢ়ক : সংসদৰ কাষত শ্ল'গান দি আটক পাঁচ কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.