এফালে ফাগুনৰ পছোৱা বতাহত উৰি ফুৰিছে বিভিন্ন ৰোগৰ বীজাণু, আনফালে আকৌ চীনৰ ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ৰাইজে ঢাপলি মেলিছে ফাৰ্মাচিৰপিনে । কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলোকে লাগে মাস্ক আৰু চেনিটাইজাৰ । বজাৰত মাস্কৰ চাহিদা বৃদ্ধি গতিকে মূল্যও বৃদ্ধি হোৱাটো স্বাভাৱিক । মূল্য বৃদ্ধি কিন্তু কৰিছে অসাধু ব্যৱসায়ে । কলা বজাৰত চলিছে মাস্কৰ ব্যৱসায় ৷ ১০ টকীয়া মাস্ক এতিয়া ফাৰ্মাচীয়ে কিনিছে ৩০ টকাত, ১৪০ টকাৰ এন ৯ মাস্ক কিনিব লাগে ২২০ টকাত। হাত ধুবলৈ চেনিটাইজাৰ বিচাৰি ৰাতিপুৱা ফাৰ্মাচী খোলাৰ লগে লগে গ্ৰাহক আহে কিন্ত বজাৰত নাই চেনিটাইজাৰ । ৰাইজৰ মাজত কৰ'ণা ভাইৰাছকলৈ আতংকত স্পষ্টকৈ পৰিলক্ষিত হয় মহানগৰীৰ বাট-পথ সমূহত। ঘৰৰ পৰা ওলাই অহা প্ৰায় সংখ্যক লোকৰ মুখত মাস্ক। কোনোবাই যদি ব্যৱহাৰ কৰিছে সাধাৰণ মাস্ক, কোনোবাই আকৌ ঢাকি কৰিছে মুখ এন ৯ মাস্কেৰে। ৰাজপথত কৰ্মৰত আৰক্ষীৰ জোৱান সকলেও এইদৰে মুখত মাস্ক লগাই ব্যস্ত ৰাইজৰ সেৱাত ।
উল্লেখ্য যে, চীনৰ পৰা কৰ'ণা ভাইৰাছৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰাত বৰ্তমানলৈকে প্ৰায় ১ লখাধিক লোক সমগ্ৰ বিশ্বত এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে। ভাৰতবৰ্ষতো ৭০ গৰাকীকৈ লোক শৰীৰত কৰ'ণা ভাইৰাছৰ পোৱা গৈছে ।
আৰু পঢ়কঃ প্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে !