ETV Bharat / state

গুৱাহাটীত ভূ-মাফিয়াৰ সন্ত্ৰাস: ভুক্তভোগীয়ে তৰিলে গোচৰ

ভূ-মাফিয়াৰ কৱলত পৰি দিশহাৰা হোৱা এগৰাকী ভুক্তভোগীৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মালৈ কাতৰ আহ্বান- "যদি মই দোষী তেন্তে আৰক্ষীয়ে মোক এনকাউণ্টাৰ কৰক, যদি নহয় তেন্তে ভূ-মাফিয়াক এনকাউণ্টাৰ কৰি মোক ন্যায় দিয়ক ।"

land-mafia-activities-increase-in-guwahati
গুৱাহাটীত ভূ-মাফিয়াৰ সন্ত্ৰাস: ভুক্তভোগীয়ে তৰিলে গোচৰ
author img

By

Published : May 21, 2022, 8:12 PM IST

গুৱাহাটী,২১ মে': ভূ-মাফিয়াৰ কৱলত পৰি দিশহাৰা হোৱা এগৰাকী ভুক্তভোগীৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মালৈ কাতৰ আহ্বান- "যদি মই দোষী তেন্তে আৰক্ষীয়ে মোক এনকাউণ্টাৰ কৰক, যদি নহয় তেন্তে ভূ-মাফিয়াক এনকাউণ্টাৰ কৰি মোক ন্যায় দিয়ক ।"

শনিবাৰে মহানগৰীৰ নাৰেংগীস্থিত পূৱ-গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি পাথৰকুঁৱেৰী নিবাসী ভুক্তভোগী পৰেশ ৰয়ে গুৱাহাটীৰ দুই কুখ্যাত ভূ-মাফিয়া নূৰুল আলম হুছেইন আৰু মৃদুল দাসৰ কৱলত পৰি কেনেদৰে দিশহাৰ হব লগা হৈছে সেই কাহিনী বৰ্ণনা কৰে ।

গুৱাহাটীত ভূ-মাফিয়াৰ সন্ত্ৰাস: ভুক্তভোগীয়ে তৰিলে গোচৰ

তেওঁ কয় যে আজিৰ পৰা 9 মাহ পূৰ্বে গুৱাহাটীৰ মৃদুল দাস আৰু মুন আলী নামৰ লোক দুজনৰ পৰা বামুনীমৈদামত এটা ঘৰৰে সৈতে এক কঁঠা পাঁচ লেচা ভূমি ক্ৰয় কৰিছিল । মাটি ক্ৰয় কৰাৰ বাবদ সম্পূৰ্ণ ৯০ লাখ টকা আদায় দিয়াৰ পিছতে উক্ত ভূমিখিনি চমজি লৈছিল পৰেশ ৰয়ে ।

কিন্তু কিছুদিনৰ পিছত এগৰাকী বৃদ্ধা মহিলাক ঢাল হিচাপে ব্যৱহাৰ কৰি মৃদুল দাস আৰু মুন আলীৰ নেতৃত্বত এটা ভূ-মাফিয়াৰ দলে প্ৰায় 20 জনীয়া এটা দলক লগত লৈ বিগত ১৯ মে'ত চোকা অস্ত্ৰ লৈ বল পূৰ্বকভাবে ঘৰটোত প্ৰৱেশ কৰে (Land mafia attacks land owner) । দলটোৱে প্ৰথমে ঘৰটোত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱতীক দাৰে ঘপিয়াই গুৰুতৰভাবে আহত কৰি মাটিখিনি দখলৰ চেষ্টা চলায় ।

পিছত এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰেশ ৰয়ে চান্দমাৰি থানাত দুই ভু-মাফিয়াৰ বিৰুদ্ধে গোচৰ ৰজু কৰে । শনিবাৰে ভুক্তভোগী পৰেশ ৰয়ে পূৱ গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই সমগ্ৰ ঘটনা বৰ্ণনা কৰে ৷

ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে কুখ্যাত ভূ-মাফিয়া মুন আলী আৰু মৃদুল দাসৰ বিৰুদ্ধে গুৱাহাটীৰ বিভিন্ন থানাত আছে মাটি-বাৰী সংক্ৰান্তীয় আৰু মাৰপিটৰ বিভিন্ন গোচৰ ।

লগতে পঢ়ক: সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.