ETV Bharat / state

বিশ্বজুৰি পালন আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস

author img

By

Published : Oct 1, 2019, 4:24 PM IST

আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস ৷ বৰ্তমানৰ যান্ত্ৰিক যুগত এতিয়া যেন বহু পৰিমাণে অকলশৰীয়া হৈ পৰিছে জ্যেষ্ঠ সকল ।

বিশ্বজুৰি পালন আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস

গুৱাহাটী, 1 অক্টোবৰঃ 1 অক্টোবৰ অথাৎ আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস ৷ বৰ্তমানৰ যান্ত্ৰিক যুগত এতিয়া যেন বহু পৰিমাণে অকলশৰীয়া হৈ পৰিছে জ্যেষ্ঠ নাগৰিক সকল । ইয়াৰ মাজতেই এই বিশেষ দিনটোত গুৱাহাটীত একত্ৰিত হৈ অনাবিল আনন্দ উপভোগ কৰিছে বহু জ্যেষ্ঠ ব্যক্তিসকলে ৷

আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোতেই একত্ৰিত হৈছে এই সকল জেষ্ঠ বক্তি । হাঁহি কান্দোনৰ অলেখ স্মৃতি বিজড়িত অতীত ৰোমন্থন কৰিছে প্ৰতিজনে ৷ ইজনে-সিজনে আদান প্ৰদান কৰিছে বহু সুখ-দুখৰ বতৰা ।

দ্ৰুতগামী জীৱন পৰিক্ৰমাত আজি যেন এই সকল লোক হৈ পৰিছে যথেষ্ট অকলশৰীয়া । কাৰন আপোন জনৰ পৰা বহু দূৰৈত থাকি বৃদ্ধাৱাসেই হৈ পৰিছে জীৱনৰ শেষ ঠিকনা । অৱশ্যে এতিয়া ইয়াতেই বিচাৰি পাইছে এক অন্তৰভৰা মৰমৰ একাজলি সহানুভূতি । মহানগৰীৰ ভিন্ন প্ৰান্তত থাকে যদিও আজিৰ দিনটোতেই এজনে আনজনক লগ পাই হৈ পৰিছো আত্মবিভোৰ । কৈ গ'ল কেনেদৰে সময় কটাই তেওঁলোকে ।

ইপিনে এই সকল লোকক এনেদৰে শুশ্ৰূষা কৰিবলৈ পায় যথেষ্ট সুখী দুই-যুৱক যুৱতী । প্ৰতিদিনেই তেওঁলোকৰ কাষত নিজৰ পৰিয়ালৰ ছাঁ ৰ দৰে লাগি আগবঢ়াই গৈছে সেৱা ৷ এনেদৰেই আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোত সময় অতিবাহিত কৰাত সকলোৰে মনত দেখা গ'ল সন্তুষ্টিৰ হাঁহি ।

Intro:আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস

Body:anchor....আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস । বৰ্তমানৰ অত্যাধুনিক যান্ত্ৰিক যুগত যেন জ্যেষ্ঠ লোক সকল বহু পৰিমাণে অকলশৰীয়া হৈ পৰিছে । ইয়াৰ মাজতেই আজি এক বিশেষ দিনটোত সকলো জ্যেষ্ঠ নাগৰিক একত্ৰিত হল এক অনাবিল আনন্দত ‌।

VO...১ অক্টোবৰ । জ্যেষ্ঠ নাগৰিক সকলৰ বাবে বাবে উৎসৰ্গিত এটা বিশেষ দিন । আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোতে একত্ৰিত হয় । যত আদান প্ৰদান হয় কিছু দুখ সুখৰ বতৰা । হাঁহি কান্দোনৰ অলেখ স্মৃতি বিজৰিত অতীত ৰোমন্থন কৰে প্ৰতিজনে । কিন্তু আজি এই সকল লোক অকলশৰীয়া নহয় । আপোন জনৰ পৰা বহু দূৰৈত থাকিও বৃদ্ধাৱাসেই হৈ পৰিছে জীৱনৰ শেষ ঠিকনা । তাতেই তেওঁ লোকে বিচাৰি পায় এক অন্তৰভৰা মৰম একাজলি সহানুভূতি । আজি বিশেষ দিনটোত এক অনুষ্ঠানত একত্ৰিত হৈ আনন্দিত হ'ল

বাইট

VO...এই সকল বৃদ্ধাৱাসৰ আৱাসীয়ে মহানগৰীৰ ভিন্ন প্ৰান্তত থাকে যদিও আজিৰ দিনটোত এনেদৰে এজনে আনজনক লগ পাই হৈ পৰে আত্মবিভোৰ । কৈ গ'ল কেনেদৰে সময় কটাই তেওঁ লোকে ।

বাইট

এই সকল লোকক এনেদৰে শুশ্ৰূষা কৰিবলৈ পায় যথেষ্ট সুখী দুই যুৱক যুৱতীও । প্ৰতিদিনেই তেওলোকৰ কাষত ছা টোৰ দৰে লাগি থাকি কৰি গৈছে সেৱা ।

বাইট

VO...এনেদৰেই আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোত সময় অতিবাহিত কৰিলে তেওঁ লোকে। সকলোৰে মনত দেখা গ'ল।সন্তুষ্টিৰ হাঁহি ।

Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.