ETV Bharat / state

মহানগৰীৰৰ ৰাজপথত ৰেপিড', উবেৰ চালকৰ প্ৰতিবাদ

পৰিবহন বিভাগৰ এক জাননীৰ পিছতে গুৱাহাটী মহানগৰীত বন্ধ হৈ পৰিছে ৰেপিড', উবেৰৰ দৰে বাইক টেক্সি সেৱা । ফলত অন্ধকাৰ নামি আহিছে এই সেৱাৰ লগত জড়িত বহু যুৱকৰ জীৱনলৈ ৷ দেওবাৰে চৰকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ চানমাৰি আৰু খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰে ৰেপিড', উবেৰৰ চালকসকলে ৷

Guwahati Rapido and Uber cab driver protest
মহানগৰীৰৰ ৰাজপথত ৰেপিড', উবেৰ চালকৰ প্ৰতিবাদ
author img

By

Published : Feb 23, 2020, 8:20 PM IST

গুৱাহাটী,23 ফেব্ৰুৱাৰী : মহানগৰীত বন্ধ কৰা হ'ল ৰেপিড' । ৰেপিড' বন্ধ কৰাৰ পিছত শলঠেকত পৰিছে ৰেপিড' চালক সকল । কাৰণ ঋণ লৈ বহু চালকে ৰেপিড'ৰ যাতায়ত ব্যৱস্থা বাবে বাহন কিনিছিল। কিন্তু ঋণ শেষ নোহোৱাৰ পূৰ্বে পৰিবহন বিভাগৰ ৰেপিড' বন্ধ কৰাত ক্ষুন্ন হৈ পৰিছে ৰেপিড' চালকসকল আৰু তাৰ পিছতে ৰেপিড' বন্ধ কৰাক লৈ প্ৰতিবাদৰ বাবে ওলাই আহিল গুৱাহাটীৰ ৰেপিড' বাইক চালক সকল ।

প্ৰায় ১৭ হাজাৰ ৰেপিড' বাইক চালকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আশংকাত দেওবাৰে চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত চালক সকলে এনেদৰে প্ৰতিবাদত নামি পৰে । পৰিবহন বিভাগৰ পৰা জানিব পৰা অনুসৰি পৰিবহণ বিভাগ, প্ৰশাসনৰ অনুমতি অবিহনে চলি আছিল ৰেপিড' সেৱা আৰু তাৰ কাৰণে ৰেপিড’ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ নিগমে ।

চানমাৰিত ৰেপিড', উবেৰ চালকৰ প্ৰতিবাদ

পৰিবহণ নিগমৰ এই সিদ্ধান্তৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ৰেপিড' চালকসকল । চালকসকলে কয় যে, প্ৰতিটো ভাড়াৰ বিনিময়ত জিএছটি দি আহিছে তেওঁলোকে । তেওঁলোকৰ মতে যদি অনুজ্ঞা পত্ৰ নাই তেন্তে চৰকাৰে জিএছটি কিয় লৈ আছিল ? মহানগৰ পৰিবহণ বিভাগে জাৰি কৰা নতুন নিৰ্দেশনাৰ পিছতে এতিয়া বিপাঙত পৰিছে চালকসকলৰ লগতে বিপাঙত পৰিছে আৰোহীসকলো । ৰেপিড' ব্যৱস্থাৰ বাবে বহু সুবিধা হৈছিল মহানগৰবাসীৰ ।

এতিয়াৰ পৰা মহানগৰীৰ অনুজ্ঞাপত্ৰ নাথাকিলে ভৰিব লাগিব জৰিমনা ৰেপিড' অথবা অ'লা , উবেৰ সকলোৱে । যদি এতিয়াৰে পৰা গুৱাহাটীত অনুজ্ঞাপত্ৰ বিহীন অ’লা উবেৰ বাহন বন্ধ কৰি দিয়া হয় তেন্তে পুনৰ নিবনুৱা হব ১৭ হাজাৰ ৰেপিড বাইক ৰাইডাৰ ৷ আনহাতে সকলোৰে ওপৰত আস্থা হেৰুৱাৰ পিছত শিল্পী জুবিন গাৰ্গক ৰেপিড' বাইক আৰোহী সকলে সহায়ৰ বাবে আহ্বান কৰিছে । ইতিমধ্যে এক বিশাল বাইক ৰেলি কৰি জুবিন গাৰ্গৰ পৰামৰ্শৰ বাবে জুবিন গাৰ্গৰ খাৰঘুলি ঘৰলৈ ৰাওনা হয় ।

খানাপাৰাত ৰেপিড', উবেৰ চালকৰ প্ৰতিবাদ

ইফালে, খানাপাৰাতো ৰেপিড' আৰু উবেৰ চালক সকলৰ প্ৰতিবাদী কাৰ্যসূচী ৷ দেওবাৰে খানাপাৰৰ ৰাজপথত বাইক ৰখাই প্ৰতিবাদ কৰে ৰেপিড', উবেৰ বাইক চলাই চলি থকা একাংশ যুবকে । সকলোৰে দাবী হয় পৰিবহন বিভাগে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰক নহ'লে আমাক চৰকাৰী চাকৰি প্ৰদান কৰক । এতিয়া চালকসকলৰ প্ৰশ্ন যদিহে অনুমতি প্ৰদান পত্ৰ পৰিবহন বিভাগৰ হাতত জমা নাই তেনেহলে পূৰ্বৰ মন্ত্ৰীয়ে কিয় কৰিছিল এই সেৱাৰ শুভাৰম্ভণি ?

লগতে পঢ়ক:দৰিদ্ৰৰ বন্ধু লীলা মাধৱ শইকীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.