ETV Bharat / state

কৰ'ণা আৰু ৰাজনীতি সম্পৰ্কত বিশেষ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় 'কৰ'ণাৰ সংক্ৰমণ আৰু আগন্তুক নিৰ্বাচন' শীৰ্ষক এখন বিশেষ গ্ৰন্থ ৷ প্ৰখ্যাত লেখক শৰৎ ৰাজখোৱাই লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷

guwahati_corona book release
কৰ'ণা আৰু ৰাজনীতি সম্পৰ্কত বিশেষ গ্ৰন্থ উন্মোচন
author img

By

Published : Nov 2, 2020, 10:20 PM IST

কামৰূপ মেট্ৰ,2নৱেম্বৰ : সোমবাৰে গুৱাহাটী প্ৰেছ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় 'কৰ'ণাৰ সংক্ৰমণ আৰু আগন্তুক নিৰ্বাচন' শীৰ্ষক এখন বিশেষ গ্ৰন্থ । বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ উৎপত্তি আৰু ইয়াৰ ভয়াৱহতাৰ সকলো তথ্য এই গ্ৰন্থখনত দাঙি ধৰা হৈছে । প্ৰখ্যাত লেখক শৰৎ ৰাজখোৱাই লিখি উলিয়াইছে ২১৮ পৃষ্ঠাৰ তথ্য সমৃদ্ধ এই গ্ৰন্থখনি । কৰ'ণাকলৈ কিদৰে বিশ্বত ৰাজনীতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভতো গ্ৰন্থখনত বাখ্যা আগবঢ়াইছে শৰৎ ৰাজখোৱাই ।

এই গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । গ্ৰন্থ উন্মোচনী সভাত কৰ'ণা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই । সাংসদগৰাকীয়ে কয়,কৰ'ণাৰ ভয়াৱহতাক একাষৰীয়া কৰি চৰকাৰে ইয়াকে লৈ ৰাজনীতি কৰিছে । ক'ত কিমান ধন ব্যয় হ'ল তাৰ কোনো হিচাপ নাই । বিৰোধী দলসমূহৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বহু নাটক ৰচনা কৰিছে বিজেপিয়ে । যাৰ বাবে সকলোৰে মনত কৰ'ণাকলৈ সন্দেহ উপজিছে ।

অন্য এক খবৰৰ বাবে: মিঞা মিউজিয়ামৰ বিতৰ্ক বিজেপি সৃষ্ট বুলি ক’লে অজিত কুমাৰ ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.