গুৱাহাটী, 9 মে : আঠগাঁও কবৰস্থান আৰু মছজিদৰ পৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে প্ৰশাসনে । শনিবাৰে এক জাননী যোগে এই কথা ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। উল্লেখ্য যে, COVID 19 ত আক্ৰান্ত ৰোগীয়ে আঠগাঁও কবৰস্থানৰ ধৰ্মীয় সভাত ভাগ লোৱাৰ তথ্য লাভ কৰাৰ পাছতেই ১০ এপ্ৰিলত জিলা প্ৰশাসনে কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছিল আঠগাঁও কবৰস্থানক । উক্ত স্থানৰ থকা কোনো লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলি অৱগত কৰে স্বাস্থ্য বিভাগে । যাৰ বাবে সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে জিলা প্ৰশাসনে।
