গুৱাহাটী,৬ জুন : গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে চৰকাৰী ভূমি বক্ৰ পথেৰে বহিৰাগত বনিয়াক হস্তান্তৰ কৰাকে ধৰি বহু দুৰ্নীতি-অনিয়মত নিমজ্জিত থকাৰ অভিযোগ থকা অশোক সিংঘাল এতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী । গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰাৰ পাচতে মন্ত্রী অশোক সিংঘালৰ বিৰুদ্ধে কেলেংকাৰীৰ আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে । গুৱাহাটীৰ গেম ভিলেজৰ ফ্লেট কেলেংকাৰীৰ প্ৰসংগক লৈ মন্ত্রীগৰাকীৰ নাম সাঙোৰ খাই পৰিছে । নতুন চৰকাৰখনৰ এমাহ নৌহওঁতেই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে এজন কেবিনেট মন্ত্রীৰ । প্ৰাপ্ত অভিযোগ অনুসৰি পূৰ্বৰ চৰকাৰৰ দিনত গেমছ ভিলেজৰ ফ্লেট বিক্ৰীৰ বাবে গ্ৰহণ কৰা প্ৰক্ৰিয়া মন্ত্রীত্ব লাভ কৰাৰ পাছতে অশোক সিংঘালে সলনি কৰি কেলেংকাৰী কৰাৰ পথ প্ৰশস্ত কৰিছে ।
উল্লেখযোগ্য যে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গেম ভিলেজৰ যথেষ্ঠ সংখ্যক ফ্লেট বিক্ৰী কৰাৰ বাবে অসম ৰাজ্যিক হাউছিং ব'ৰ্ডৰ জৰিয়তে ২৫ ফেব্ৰুৱাৰীত জাননী জাৰি কৰিছিল । কিন্তু নিৰ্বাচনী অধিসূচনা জাৰি হোৱাত সেই প্ৰক্ৰিয়া সিমানতে ৰৈ গ'ল । সেই সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী আছিল । সেই সময়ত গেম ভিলেজৰ ৪৩ টা ফ্লেট বিক্ৰীৰ জাননী জাৰি কৰি বিজ্ঞাপন দিয়া হৈছিল। আনহাতে জাননী অনুসৰি প্ৰ-পত্রৰ মূল্য আছিল ৫০০ টকা আৰু প্ৰ-পত্র জমা দিয়াৰ সময়ত আবেদনকাৰীয়ে এক লাখ টকাৰ ডিমাণ্ড ড্ৰাফট জমা দিয়াৰ কথা উল্লেখ আছিল ।
সেই অনুসৰি দুই শতাধিক লোকে আবেদন কৰিছিল । নিৰ্বাচনী অধিসূচনাৰ বাবে বন্ধ থকা সেই প্ৰক্ৰিয়া এতিয়া পুনৰ আৰম্ভ হৈছে যদিও নতুন মন্ত্রী অহাৰ লগে লগে গোটেই প্ৰক্ৰিয়াটোত সালসলনি কৰা হ'ল । দায়িত্ব লাভ কৰাৰ পাছত মন্ত্রী অশোক সিংঘলে পুনৰ আবেদন কৰাৰ বাবে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে অসম ৰাজ্যিক হাউছিং ব'ৰ্ডক । ইফালে অসম ৰাজ্যিক হাউছিং ব'ৰ্ডে বিজ্ঞাপন নিদিয়াকৈয়ে জাননী জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে । লক্ষণীয় বিষয় যে নতুন জাননীত আবেদনকাৰীক প্ৰ-পত্রৰ সৈতে ২.৫০ লাখ টকাৰ ডিমাণ্ড ড্ৰাফট জমা দিয়াৰ কথা কোৱা হৈছে ।
আনহাতে জাননীত ৪৩ টা ফ্লেটৰ ঠাইত ৪১ টা ফ্লেট বিক্ৰীৰ কথা কোৱা হৈছে আৰু ইয়াৰে ২২ টা ফ্লেট ব্যক্তি বিশেষৰ বিপৰীতে এন জি অ'ক বিক্ৰী কৰাৰ কথা উল্লেখ কৰা হৈছে । প্ৰাপ্ত তথ্য মতে ইতিমধ্যে ২২ টা ফ্লেট কোনো অজ্ঞাত এন জি অ'ৰ নামত বুক কৰা হৈছে । অভিযোগ অনুসৰি ফ্লেট বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে নিজৰ স্বাৰ্থত মন্ত্রী অশোক সিংঘালে সালসলনি কৰিছে । মন্ত্রী অশোক সিংঘালে নিজৰ ঘনিষ্ঠ লোকৰ নামত থকা এন জি অ'ৰ যোগেদি ২২ টা ফ্লেট নিজেই বুক কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
বৰ্তমান ২৫-৩০ লাখ টকাত ফ্লেটসমূহ ক্ৰয় কৰি পাছত ৬০-৭০ লাখ টকাত বিক্ৰী কৰাৰ অভিসন্ধি কৰাৰ অভিযোগ মন্ত্রীগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে । দুৰ্নীতি-অনিয়মৰ যোগেদি চৰকাৰী সম্পত্তিৰে পাহাৰ গঢ়াৰ পৰিকল্পনা কৰিছে মন্ত্রী অশোক সিংঘালে । পূৰ্বৰে পৰা অনিয়মৰ অভিযোগ থকা মন্ত্রী অশোক সিংঘালৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হোৱা কেলেংকাৰীৰ গুৰুতৰ অভিযোগৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।