ETV Bharat / state

আদাবাৰীৰ ৰাজপথত দাওদাওকৈ জ্বলিল চাৰিখন চিটীবাছ

author img

By

Published : Jun 16, 2022, 12:06 PM IST

বুধবাৰে নিশা মহানগৰীৰ আদাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Adabari) । পথৰ কাষত ৰখাই থোৱা অৱস্থাতে দাওদাওকৈ জ্বলিল চাৰিখন চিটীবাছ । স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপকবাহিনীয়ে নিৰ্বাপন জুই ।

fire in city bus on adabari highway
নিশা আদাবাৰীৰ ৰাজপথত দাওদাওকৈ জ্বলিল চাৰিখন চিটীবাছ

গুৱাহাটী,১৬ জুন: বুধবাৰে মহানগৰীৰ আদাবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Massive fire in Adabari) । ৰাজপথৰ কাষত ৰখাই থোৱা অৱস্থাত দপদপাই জ্বলি উঠিল চাৰিখনকৈ চিটীবাছ(Fire in parked city bus) । নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতে গোটেই অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ।

স্থানীয় ৰাইজে ততাতৈয়াকৈ খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক । কিন্তু জুইৰ লেলিহান শিখাই পলকতে আৱৰি ধৰে এখন এখনকৈ চাৰিওখন চিটীবাছক । অৱশেষত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই । সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক আহত হোৱা নাই যদিও চিটীবাছৰ ভিতৰৰ পৰা সুৰাপান কৰি অচেতন অৱস্থাত থকা দুজনকৈ হেণ্ডিমেনক উদ্ধাৰ কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ।

আনহাতে এই চিটীবাছসমূহত বিভিন্ন অসামাজিক কাণ্ড সংঘটিত হোৱাৰো উত্থাপন হৈছে অভিযোগ (Crime in Guawati city)। স্থানীয় লোকে জনোৱা মতে নিশা হ’লে আদাবাৰীৰ পথৰ কাষত ৰখাই থোৱা চিটীবাছসমূহৰ ভিতৰত চলে মদ, জুৱাৰ আদ্দা । হয়তো এনে কোনো কাম-কাজৰ পৰিপ্ৰেক্ষিততে সঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । আৰক্ষীক এনে কাম-কাজৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Red Alert in Guwahati: মহানগৰীত বৃহস্পতিবাৰেও বন্ধ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.