ETV Bharat / state

Foreigner arrested: মহানগৰীত পোলেণ্ডৰ নাগৰিকৰ অবৈধ বাহৰ

মহানগৰীৰ বশিষ্ঠপুৰৰ ১ নং উপপথৰ পৰা বিদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোকজন পোলেণ্ডৰ নাগৰিক ৱ’জনিকা মাইলজ এন্টনী ৷ যোৱা 7 বছৰ ধৰি ভুৱা ভিছাৰে গুৱাহাটী মহানগৰীত বাহৰ পাতি আছিল ধৃত এন্টনীয়ে।

foreigner arrested at Hatigaon
মহানগৰীত পোলেণ্ডৰ নাগৰিকৰ অবৈধ বাহৰ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:56 PM IST

গুৱাহাটী, 5 ছেপ্টেম্বৰ : আৰক্ষীৰ নিশ্ছিদ্র তালাচী আৰু নিৰাপত্তাৰ মাজতে গুৱাহাটী মহানগৰীত অবৈধভাৱে সাতটা বছৰ ধৰি বসবাস কৰি আছিল এজন বিদেশী নাগৰিক। মঙলবাৰে হাতীগাঁও আৰক্ষী থানাৰ সীমান্ত শাখাৰ তৎপৰতাত এই কাণ্ড পোহৰলৈ আহে। মহানগৰীৰ বশিষ্ঠপুৰৰ ১ নং উপপথৰ পৰা বিদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোকজন পোলেণ্ডৰ নাগৰিক ৱ’জনিকা মাইলজ এন্টনী ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, বিগত ২০১৬ চনৰ পৰাই গুৱাহাটী মহানগৰীত বাহৰ পাতি আছিল ধৃত এন্টনীয়ে। সুত্ৰটোৱে জনোৱা মতে, হিন্দু ধৰ্মৰ প্ৰচাৰক ৰূপে লোকজনে ২০১৬ চনত অসমলৈ আহি গুৱাহাটীত বাহৰ পাতিছিল। কিন্তু লোকজনৰ নাছিল কোনো বৈধ ভিছা।

উল্লেখ্য যে, আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰাৰ সময়ত এখন ভিছা দেখুৱায়। উক্ত ভিছাখনত ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীলৈকে ম্যাদ আছিল বুলি জানিব পৰা গৈছে। কিন্তু সূত্ৰটোৱে জনোৱা মতে প্ৰকাশ কৰা ভিছাখনো ভুৱা আছিল। ভিছা অবিহনে বিগত সাতটা বছৰে গুৱাহাটীত থাকি লোকজনে কি কাম কৰিলে সেয়া সম্প্রতি তদন্ত কৰি আছে আৰক্ষীয়ে।

ভুৱা ভিছাৰে গুৱাহাটীত থকাৰ অপৰাধত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাটো সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ বিদেশী নাগৰিক আইন ১৯৪৬ৰ আধাৰত ২৮৭/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। মন কৰিবলগীয়া যে, এনআৰচি, বাংলাদেশী নাগৰিক প্ৰব্ৰজন আদিক লৈ অসমত দীৰ্ঘ সময় ধৰি বিভিন্ন প্রতিবাদ চলি আছে। বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যাৰ সমাধান আজিও হোৱা নাই। কিন্তু ইয়াৰ মাজতো পোলেণ্ডৰ এজন নাগৰিকে ভুৱা ভিছাৰে সাতটা বছৰ গুৱাহাটীৰ দৰে এখন মহানগৰীত নিশ্চিন্তমনে কিদৰে বসবাস কৰাৰ সুবিধা লাভ কৰিলে সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: Fake doctor in Guwahati: মহানগৰীৰ জ্যোতিকুছিত ওলাইছে মুন্নাভাই এমবিবিএছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.