গুৱাহাটী, 23 এপ্ৰিলঃ আজি তৃতীয় পৰ্যায়ৰ তথা অন্তিম ভোট গ্ৰহণ ৷ ৰাজ্যত পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ল ভোটদান প্ৰক্ৰিয়া ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভি এম বিকল হোৱা পৰিলক্ষিত হৈছে ৷ নাৰেংগীতো পৰিলক্ষিত হ'ল অনুৰূপ দৃশ্য ৷
নাৰেংগীৰ 52 নং দিছপুৰ বিধানসভা সমষ্টিৰ নাৰেংগী হাইস্কুল কেন্দ্ৰৰ পূব শাখাৰ 65 নং ভোটকেন্দ্ৰত ইভিএম বিকল হোৱা দেখিবলৈ পোৱা গ'ল ৷ পুৱাৰে পৰা ভোটকেন্দ্ৰটোত ভোটাৰ শাৰী পাতি আছে যদিও ইভিএম বিকল হোৱা বাবে ভোটাৰ সকলে ভোটদান কৰিবলৈ সক্ষম হোৱা নাই ৷ বৰ্তমান বিকল ইভিএম মেচিনটোৰ ঠাইত নতুন ইভিএম মেচিনৰ ব্যৱস্থা কৰা হৈছে ৷