ETV Bharat / state

এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ - এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ

কংগ্ৰেছে হৰ্ছ ট্ৰেডিঙৰ ভয়ত প্ৰাৰ্থীসকলক হোটেলত ৰখাৰ কথা অস্বীকাৰ কৰিছে । ই ভি এম আৰু ভি ভি পেট সন্দৰ্ভত প্ৰাৰ্থীসকলক কাৰিকৰী দিশত প্ৰশিক্ষণ দিয়াৰ বাবে হোটেলত সকলোকে একগোট কৰাৰ কথা দলৰ নেতৃত্বই সদৰি কৰিছে। বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰখা হৈছে সোণাপুৰস্থিত দিচাং ৰিজ’ৰ্টত। বিশাল ৰিজ’ৰ্টখনৰ আটাইকেইটা কোঠা বুক কৰিছে কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ এটা সূত্রই জনোৱা মতে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলকো ৰিজ'ৰ্টখনত ৰখা হ'ব।

এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ

author img

By

Published : Apr 23, 2021, 8:22 PM IST

গুৱাহাটী,২৩ এপ্ৰিল: মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ পাছত এইবাৰ কংগ্ৰেছে হৰ্ছ ট্ৰেডিঙৰ পৰা বাচিবলৈ আৰম্ভ কৰিছে হোটেল ৰাজনীতি। নিজৰ প্ৰাৰ্থীসকলক যাতে কোনেও ‘ক্ৰয়’ কৰিব নোৱাৰে তাৰ বাবে কংগ্ৰেছে হোটেল ৰাজনীতিৰ আশ্ৰয় লৈছে । অৱশ্যে কংগ্ৰেছে হৰ্ছ ট্ৰেডিঙৰ ভয়ত প্ৰাৰ্থীসকলক হোটেলত ৰখাৰ কথা অস্বীকাৰ কৰিছে । ই ভি এম আৰু ভি ভি পেট সন্দৰ্ভত প্ৰাৰ্থীসকলক কাৰিকৰী দিশত প্ৰশিক্ষণ দিয়াৰ বাবে হোটেলত সকলোকে একগোট কৰাৰ কথা দলৰ নেতৃত্বই সদৰি কৰিছে।

বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰখা হৈছে সোণাপুৰস্থিত দিচাং ৰিজ’ৰ্টত। বিশাল ৰিজ’ৰ্টখনৰ আটাইকেইটা কোঠা বুক কৰিছে কংগ্ৰেছে। ইতিমধ্যে কংগ্ৰেছৰ প্ৰায় ৬৫ গৰাকী প্ৰাৰ্থীয়ে ৰিজ'ৰ্টখনত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে ।

এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ
এ আই ইউ ডি এফৰ প্ৰাৰ্থীও যাব দিচাং ৰিজ'ৰ্টলৈ

২৬ এপ্ৰিললৈ ৰিজ'ৰ্টৰ কোঠাসমূহ বুক কৰা হৈছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ এটা সূত্রই জনোৱা মতে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলকো ৰিজ'ৰ্টখনত ৰখা হ'ব। ইফালে ৰিজ'ৰ্টখনত ৰখা কংগ্ৰেছ প্ৰাৰ্থীসকলৰ বাবে পৃথকে ‘চাৰ্ভিচ বয়’ৰ ব্যৱস্থা কৰা হৈছে। ৰিজৰ্টৰ ভিতৰত একপ্ৰকাৰ নজৰবন্দী হৈ থকা প্ৰাৰ্থীসকলৰ বাবে বিলাসিতাৰ সকলো ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে হৰ্ছ ট্ৰেডিঙৰ ভয়ত কিছুদিন পূৰ্বে এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছিল ৷ ৰাজস্থানৰ হোটেল ফেয়াৰমণ্ট জয়পুৰত কেইবাদিন ধৰি তেওঁলোকক ৰখা হৈছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ আতিথ্যত আছিল ইউ ডি এফ প্ৰাৰ্থীকেইজন। ইয়াৰ এদিন পাছতে ছত্তিশগড়লৈ প্ৰেৰণ কৰা হৈছিল বি পি এফৰ আঠজন প্ৰাৰ্থীক।

অৱশ্যে ৰাজস্থান আৰু ছত্তীশগড়লৈ প্ৰেৰণ কৰা ইউ ডি এফ আৰু বি পি এফৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙৰ ভয়ত উক্ত স্থানলৈ যোৱাৰ কথা অস্বীকাৰ কৰিছিল। নিৰ্বাচনৰ পিছত অৱসৰ বিনোদনৰ বাবে তেওঁলোকে ৰাজস্থান, ছত্তিশগড়লৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সেইদৰে কংগ্ৰেছেও হৰ্ছ ট্ৰেডিঙৰ ভয়ৰ কথা স্বীকাৰ কৰা নাই।

লগতে পঢ়ক:দৰঙত বগা হাতীত পৰিণত ক'ভিড বিধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.