ETV Bharat / state

ক'ভিড প্ৰট'কল মানি কাছমাৰী ঘাটত দেৱী বিসৰ্জন

author img

By

Published : Oct 26, 2020, 7:11 PM IST

মহানগৰৰ জিলা আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া অনুসৰি এইবাৰ কাছমাৰী ঘাটত প্ৰায় 150 ৰো অধিক পূজা কমিটিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব ৷

Dasami immersion start at Kamomari ghat of Guwahati
ক'ভিড প্ৰট'কল মানি কাছমাৰী ঘাটত দেৱী বিসৰ্জন

গুৱাহাটী,26 অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো চলি আছে দেৱী বিসৰ্জন পৰ্ব ৷ কভিড প্ৰট'কল মানি মহানগৰীৰ প্ৰতিমা বিসৰ্জনৰ মূল কেন্দ্ৰবিন্দু কাছমাৰী ঘাটতো অতি সুশৃংখল-নিৰৱতাৰে দেৱীক বিসৰ্জন দিলে অগনন ভক্তই ৷ ৰাজপথত দেখা পোৱা নগ'ল ছুপাৰহিট গানৰ তালে তালে ভক্তৰ উদ্দাম নৃত্য ৷ মহানগৰৰ জিলা আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া অনুসৰি এইবাৰ কাছমাৰী ঘাটত প্ৰায় 150 ৰো অধিক পূজা কমিটিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব ৷

উল্লেখ্য যে,কাছমাৰী ঘাটৰ লগতে মহানগৰীৰ কেইবাটাও স্থানত ইতিমধ্যেই ক'ভিড প্ৰট'কল মানি অতি সুশৃংখলতাৰে দেৱী বিসৰ্জন কাৰ্যসূচী সম্পন্ন হৈছে ৷ উল্লেখ্য যে,ক'ভিড প্ৰট'কল ভংগ নহ'বলৈ মহানগৰ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে যদিও দেৱীক শেষ বাৰৰ বাবে দৰ্শন কৰিবলৈ ৰাস্তাৰ কাষত ভীৰ কৰিছে বহু ভক্তই ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.