ৰঙিয়া,13 ফেব্ৰুৱাৰী: প্ৰকৃতি সুৰক্ষাৰ বাবে ক্ৰীড়া ভাৰতী নাগপুৰ আৰু টাইগাৰ গ্ৰুপ অৱ এডভেঞ্চাৰৰ 6 জনীয়া এটা দলে গুজৰাটৰ দ্বাৰকাৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে । সেউজ প্ৰকৃতিক সংৰক্ষণৰ স্বাৰ্থত প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে দলটোৱে উলিয়াই এই দু:সাহসিক চাইকেল যাত্ৰা । শুকুৰবাৰে দলটো আহি উপস্থিত হয় ৰঙিয়াত । প্ৰায় 4,000 কিল’মিটাৰ চাইকেলেৰে অতিক্ৰম কৰাৰ সিদ্ধান্ত লৈছে দলটোৱে । ইতিমধ্যে ২৪ টা দিন সম্পূর্ণ হৈছে এই চাইকেল যাত্ৰাৰ ।
এই যাত্ৰাৰ সময়ছোৱাত সকলোৰে সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰে দলটোৰ সদস্যসকলে । সমগ্ৰ অসমৰ লগতে ৰঙিয়াৰ আপ্যায়নত সুখী প্ৰকাশ কৰে দলটোৱে । এওঁলোকৰ এই যাত্ৰাৰ উদ্দেশ্য হৈছে সকলোৱে পৃথিৱীখন যাতে সেউজীয়া কৰি ৰাখে, তাৰ বাবে মানুহক সজাগ আৰু সচেতন কৰা ।
লগতে পঢ়ক: পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত