ETV Bharat / state

নিগম-নিকায়ৰ অধ্যক্ষৰ বাবেও ন-বিজেপিক অগ্ৰাধিকাৰ !

author img

By

Published : Sep 8, 2021, 7:32 PM IST

অতি শীঘ্ৰে ৰাজ্যৰ নিগম-নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিয়া হ'ব । নিযুক্তিৰ বাবে সাজু হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন ৰাজ্য চৰকাৰ । পিছে এই ক্ষেত্ৰত কোনবোৰ নেতাক এইবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব ?

appointment
নিগম নিকায়ৰ অধ্যক্ষৰ বাবেও ন বিজেপিক অগ্ৰাধিকাৰ

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ প্ৰায় ৪৯ টা নিগম-নিকায়ৰ অধিকাংশতে নতুন অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । স্বাভাৱিকভাৱে চলি অহা পৰম্পৰা অনুসৰি এনে নিগম-নিকায় সমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদসমূহৰ নিযুক্তি ৰাজনৈতিকভাৱে হৈ আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব ।

কিন্তু মনকৰিবলগীয়া কথাটো হ'ল চৰকাৰে নতুনকৈ নিযুক্তি দিবলৈ ওলোৱা এই অধ্যক্ষ আৰ উপাধ্যক্ষ পদৰ বেছিভাগতেই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা আছে ন-বিজেপি নেতাই । দিছপুৰৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) শেহতীয়া কাৰ্বি চুক্তি স্বাক্ষৰৰ সময়ত দিল্লীত বাহৰ পাতি থাকোতেই দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (J P Nadda) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) সৈতে এই প্ৰসংগত আলোচনাত বহিছিল ।

একেটা সূত্ৰই দাবী কৰা অনুসৰি এইবাৰৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত পুৰণি বিজেপি নেতাতকৈ ন-বিজেপি নেতাকহে অধিক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে । উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) তেওঁৰ কাৰ্যকালতে প্ৰায় ৪৯ টা নিগম নিকায়ত অভিলেখ সংখ্যক অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিছিল আৰু ইয়াৰে অধিকাংশই আছিল পুৰণি বিজেপি নেতা ।

লগতে পঢ়ক :৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে দেশৰ পঞ্চম স্থানত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.