গুৱাহাটী, ৩ জানুৱাৰীঃ ১০ জানুৱাৰী পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া তৃতীয় খেল' ইণ্ডিয়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ আজি অন্তিম বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে বিয়লি মুখ্যমন্ত্ৰী নিজেই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ।
উল্লেখ্য যে, সমগ্ৰ দেশৰ প্ৰায় ৬,৫০০ খেলুৱৈয়ে এই বিশাল প্ৰতিযোগিতাত ভাগ ল'বলৈ গুৱাহাটীলৈ আহিব । এইসকল খেলুৱৈ আৰু অতিথিক ৰাখিবলৈ ইতিমধ্যে মহানগৰীৰ ১৭০ খন হোটেলৰ বুকিং শেষ হৈছে । ৬,৫০০ খেলুৱৈৰ উপৰিও এই প্ৰতিযোগিতা সুকলমে চলাই নিবলৈ নিয়োগ কৰা হৈছে প্ৰায় চাৰে তিনি হাজাৰ বিষয়া , কৰ্মচাৰী আৰু সহায়কাৰী ।