ETV Bharat / state

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস

বৃহস্পতিবাৰে উদযাপন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস ৷ সেই উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় শিক্ষক দিৱসৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস
author img

By

Published : Sep 5, 2019, 9:22 PM IST

গুৱাহাটী,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে উদযাপন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস ৷ সেই উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় শিক্ষক দিৱসৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ ইপিনে এই কেন্দ্ৰীয় অনুষ্ঠানতে বাক্সাৰ গিৰিশ বিদ্যাপীঠলৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰে ৰাজ্য চৰকাৰে ৷ আনহাতে এই অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰতিবাদত বহা শিক্ষকৰ কথা উল্লেখ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ তেওঁলোকে পূৰ্বতে কৰা ভুল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সমস্যাত পৰিছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস

ইপিনে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শিক্ষা বৃত্তিক শিক্ষক সমাজক সাধনা হিচাপে লবলৈ আহ্বান জনায় ৷ তেওঁ লগতে কয় যে আমাৰ মানৱ সম্পদলৈ প্ৰত্যাহ্বান কঢ়িয়াইছে ড্ৰাগছে ৷ ড্ৰাগছ, অন্ধবিশ্বাস এইবোৰ সংস্কাৰৰ বাবে শিক্ষক সমাজে দায়িত্ব ল'ব লাগিব ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ এই অনুষ্ঠানত 36 জন শিক্ষকলৈ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

Intro:বৃহস্পতিবাৰে উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱসBody:বৃহস্পতিবাৰে উদযাপন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস ৷ সেই উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় শিক্ষক দিৱসটি ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ এই কেন্দ্ৰীয় অনুষ্ঠানতে বাক্সাৰ গিৰিশ বিদ্যাপীঠলৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰে ৰাজ্য চৰকাৰে ৷ শিক্ষক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি প্ৰতিবাদত বহা শিক্ষকৰ প্ৰসংগ ভাষণত উল্লেখ কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ মুখ্যমন্ত্ৰীয়ে এনে পৰিস্থিতিৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ সেই সকল আমাৰ মাজৰে যি সকলে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে ৷ কিন্ত তেওঁলোকে
পূৰ্বতে কৰা ভুল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তেওঁলোক সমস্যাত পৰিছে বুলি মন্তব্য কৰে ৷
সমস্যা সমাধানৰ চেষ্টা আমি অব্যাহত ৰাখিছো ৷ শিক্ষক দিৱসৰ দিনা প্ৰতিবাদ কৰা শিক্ষকসকলৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আমাক সকীয়াই দিছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে বিনামূলীয়া ইউনিফৰ্ম প্ৰদানত বিলম্ব হোৱা প্ৰসংগত তেওঁ কয় যে ব্ৰেণ্ডেড কাপোৰ পিন্ধাৰ অধিকাৰ আঢ্যৱন্তৰ বাবেহে নেকি?দুখীয়া ল'ৰা ছোৱালীয়ে ভাল কাপোৰ নিপিন্ধিব নেকি?পূৰ্বতে চলি থকা অনিয়ম দূৰ কৰাৰ বাবেহে হৈছে এই বিলম্ব ৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগে এক নতুন পদক্ষেপ গ্ৰহন কৰে ৷ যি সকল শিক্ষকে নিজ জীৱনক তুচ্ছ জ্ঞান কৰি শিক্ষকতা কৰিছে সেই সকলক উৎসাহিত কৰাৰ বাবে লৈছে এই প্ৰদক্ষেপ ৷ সেয়ে নকল কৰিবলৈ নিদিয়াৰ বাবে প্ৰহাৰ সহ্য কৰা ধুবুৰীৰ তছবিন বেগমক এইবাৰ সন্মান জনাব শিক্ষা বিভাগে ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা বৃত্তিক শিক্ষক সমাজে সাধনা হিচাপে লওক ৷ পেচা হিচাপে ল'লে মানৱ সম্পদ এই প্ৰতিযোগিতাৰ যুগত তিস্থি থাকিব নোৱাৰিব ৷ লগতে তেওঁ কয় যে আমাৰ মানৱ সম্পদলৈ প্ৰত্যাহ্বান কঢ়িয়াইছে ড্ৰাগছে ৷
ড্ৰাগছ,অন্ধবিশ্বাস এইবোৰ সংস্কাৰৰ বাবে শিক্ষক সমাজে দায়িত্ব ল'ব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় সূৰ্য উঠা দেশত কৰ্ম সংস্কৃতি সলনি কৰিব লাগে ৷ স্কুলৰ সময় কিছু আগুৱাব লাগে
শিক্ষা বিভাগক এই কথা কোৱা হৈছে বুলিও মন্তব্য কৰে ৷ খেতিয়ক সকলে যিদৰে সময়ৰ সৎ ব্যৱহাৰ কৰাৰ দৰে শিক্ষা বিভাগে সময় আগুৱাৰ চিন্তা কৰক বুলি শিক্ষকলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ এই প্ৰসংগত জনমত গঠন কৰাৰো আহ্বান মুখ্যমন্ত্ৰীৰ ৷ আজিৰ অনুষ্ঠানত 36 জন শিক্ষকলৈ ৰাজ্যিক কৃতি শিক্ষকক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ উপৰিও শিক্ষা বিভাগৰ শীৰ্ষ বিষয়া সকল,বিধায়ক বিনন্দ শইকীয়া, ৰিতুপৰ্ণ বৰুৱা আদিও উপস্থিত থাকে

Feed sent throug LIVU UConclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.