গুৱাহাটী, 3 জুন : ৰাষ্ট্ৰীয় সংৰক্ষণ সমিতিয়ে বুধবাৰে কাজিৰঙা, মানাহ, নামেৰী আৰু ওৰাং ব্যাঘ্ৰ সংৰক্ষণৰ বাবে "কেটছ"(CATS) স্বীকৃতিৰ বাবে প্ৰস্তাৱ আগবঢ়ায় । ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ(NTCA)ই প্ৰথম পৰ্যায়ত 27 টা ব্যাঘ্ৰ সংৰক্ষণ আৰু দ্বিতীয় পৰ্যায়ত 24 টা ব্যাঘ্ৰ সংৰক্ষণত কেটছ মূল্যায়ন সম্পন্ন কৰিছে ।
প্ৰথম পৰ্যায়ৰ অধীনত অসমৰ চাৰিওটা ব্যাঘ্ৰ সংৰক্ষণ অঞ্চলেই "কেটছ"ৰ স্বীকৃতি লাভ কৰিছে । বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত ৰাষ্ট্ৰীয় সমিতিয়ে মাত্ৰ সাতটা প্ৰস্তাৱৰ পৰামৰ্শ দিয়ে । অসমৰ চাৰিটা ব্যাঘ্ৰ সংৰক্ষণ অঞ্চলৰ উপৰিও, কানহা, পান্না আৰু সুন্দৰবন ব্যাঘ্ৰ সংৰক্ষণ অঞ্চলক "কেটছ"ৰ স্বীকৃতি প্ৰদান কৰা হয় ।
সামাজিক, সাংস্কৃতিক আৰু জৈৱিক গুৰুত্বৰ পৰা আন্তঃগাঁথনি-সঁজুলিলৈকে আৰু ব্যৱস্থাপনা পৰিকল্পনাৰ পৰা মানুহ-বন্যপ্ৰাণী সংঘৰ্ষ (এইচচিডব্লিউ) ব্যৱস্থাপনালৈকে 17 টা মাপকাঠিৰ (এফ3 উপাদান অনুসৰি) জৰিয়তে সংৰক্ষণ স্থানৰ পৰিচালনা কৰাৰ বাবে এক মানদণ্ড নিৰ্ধাৰণ কৰা এনটিচিএ-য়ে কাজিৰঙাক 81.25 শতাংশ, মানাহক 71.49 শতাংশ,নামেৰীক 71.21 শতাংশ আৰু ওৰাং ব্যাঘ্ৰ প্ৰকল্পক 74.01 শতাংশ মানদণ্ড নিৰ্ধাৰণ কৰিছে ৷
২০১৩ চনত এই পদক্ষেপৰ বাবে বাছনি কৰা প্ৰথম প্ৰজাতি হিচাপে বাঘৰ সৈতে আৰম্ভ কৰা হয় ৷ কেটছে সংৰক্ষণ সঁজুলিটো ক্ষেত্ৰ পৰিচালক, বাঘ বিশেষজ্ঞ আৰু বাঘ সংৰক্ষণত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ সহযোগত বিকশিত কৰিছে । ইফালে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, ৰাজ্যখনৰ চাৰিটা ব্যাঘ্ৰ সংৰক্ষণ অঞ্চলক প্ৰদান কৰা কেটছ(CATS)ৰ স্বীকৃতি সংৰক্ষণবাদী আৰু পশুপ্ৰেমীসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় পৰিৱেশ আৰু বনমন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু ৰাষ্ট্ৰীয় সমিতিৰ সদস্যসকলক তেওঁৰ বিভাগৰ পৰা চাৰিওটা প্ৰস্তাৱক অনুমোদন জনোৱাৰ বাবে ধন্যবাদ জনায় পৰিমল শুক্লবৈদ্যই ৷
লগতে পঢ়ক: আগষ্ট মাহলৈকে কিস্তি দিব নালাগে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লওঁতাই