গুৱাহাটী, 2 ফেব্ৰুৱাৰী: বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ হ’ল অলা-উবেৰ কেৱ সেৱা । দীৰ্ঘদিনৰে পৰা বহুজাতিক প্ৰতিষ্ঠান দুটাই শোষণ চলাই অহাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে কেৱ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অলা-উবেৰ কৰিলে বন্ধ (Ola Uber boycott in Guwahati) ।
সমান্তৰালভাৱে বন্ধ কৰি দিয়া হ’ল ৰেপিড’ সেৱাও । এই কেইটা বহুজাতিক এগ্ৰিগেটৰ প্ৰতিষ্ঠানৰ বিকল্প হিচাপে থলুৱাভাৱে তৈয়াৰ কৰা Pay India Cab আৰু An2 Cab এগ্ৰিগেটৰৰ জৰিয়তে যাত্ৰীৰ বাবে কেৱ সেৱা অব্যাহত ৰখা হ'ব বুলি উল্লেখ কৰিলে চালকসকলে ।
চালকসকলৰ অভিযোগ, দীৰ্ঘদিন ধৰি কেৱ এগ্ৰিগেটৰ অলা-উবেৰে শোষণ চলাই আহিছিল চালক সকলক । পূৰ্বেও প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কেব চালকসকলে ৷ ইফালে বহুজাতিক প্ৰতিষ্ঠান দুটাই বহু কেৱ চালকক বিনা অজুহাতত ৫ হাজাৰ টকাকৈ জৰিমনা বিহাৰ লগতে চালকৰ এপবোৰ বন্ধ কৰি দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে । চালকসকলে জানিবলৈ দিয়া অনুসৰি, মহানগৰীত থকা প্ৰায় ১৮ হাজাৰ সক্ৰিয় কেৱ চালকে একেলগে বুধবাৰৰ পৰা অলা উবেৰ বৰ্জন কৰিছে (Cab drivers boycott Ola Uber in Guwahati) ।
2015 চনৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হোৱা অ’লা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই প্ৰথম অৱস্থাত প্ৰতি গৰাকী কেৱ চালকক শ্ৰমৰ উচিত মূল্য আৰু অধিক পৰিশ্ৰমৰ বিপৰীতে বিশেষ ভাট্টা প্ৰদান কৰিছিল । কিন্তু লক্ষ্যণীভাৱে লাহে লাহে কোম্পানী দুটাই চালকৰ বিশেষ ভাট্টা বন্ধ কৰি দিয়াৰ লগতে প্ৰতিটো ট্ৰিপৰ বিপৰীতে 30 পৰা 40 শতাংশলৈকে কমিচন লৈ শোষণ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ কৰিলে চালকসকলে ।
প্ৰতিষ্ঠান দুটাই চালকক কৰি অহা শোষণৰ কথা তথ্য সহকাৰে উল্লেখ কৰি জিলা উপায়ুক্ত, পৰিবহণ আয়ুক্ত, পৰিবহণ মন্ত্ৰীকে ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীকো বিষয়টো অৱগত কৰিছিল ৷ ইয়াৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কেব চালকসকলে ৷
চালকসকলে অৱগত কৰা অনুসৰি, ইতিমধ্যেই এগ্ৰিগেটৰ কোম্পানীকেইটাই কোনো কাৰণ নোহোৱাকৈ কেব চালকসকলৰ একাউণ্টসমূহ স্থায়ীভাৱে বন্ধ কৰিবলৈ আৰম্ভ কৰিছে । ফলত বৃত্তিটোৰ লগত জড়িত হৈ থকা হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা যুৱকৰ জীৱন আৰু জীৱিকা সম্পূৰ্ণৰূপে ধংস হৈ পৰাৰ লগতে বহু পৰিয়ালৰ বাবেও স্তব্ধ হৈ পৰিছে উপাৰ্জনৰ পথ ।
নিজৰ ঘৰখন চলোৱাকে ধৰি পৰিয়ালৰ সদস্যৰ যিকোনো ৰোগৰ চিকিৎসাৰ ব্যয় , সন্তানৰ শিক্ষাগ্ৰহণ আদি বিভিন্ন ক্ষেত্ৰত চালকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ তাৰোপৰি বাহনৰ ইনষ্টলমেণ্ট দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিলে চালকসকলে ৷
লগতে পঢ়ক: FPO withdrawal of Adani Group: বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে : গৌতম আদানি