গুৱাহাটী, 22 ডিচেম্বৰ: বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা (Sahitya Akademi Award 2022 Assamese)৷ ‘ভুল সত্য’ গ্ৰন্থৰ বাবে গোস্বামীয়ে লাভ কৰে এই সন্মান ৷
আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড৹ জুৰি দত্তলৈ আগবঢ়োৱা হৈছে 2022 বৰ্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা ৷ 'কচাৰেথিঃ আৰায়া নাৰী'(Kocharethi-The Araya Woman) গ্ৰন্থৰ বাবে ড৹ জুৰিলৈ আগবঢ়োৱা হৈছে এই বঁটা (Sahitya Akademi to Author Dr Juri Dutta)৷
অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাদেমী বঁটা ঘোষণাই অসমীয়া সাহিত্য জগতলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই অনাৰ লগতে তেঁওৰ গল্পৰ গুণমুগ্ধসকলক উৎফুল্লিত কৰি তুলিছে(Sahitya Akademi to Manoj Kumar Goswami)৷ ১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে প্ৰসিদ্ধ লেখক । যোৱা কেইবাটাও দশক তেঁও কলমৰ যাদুৰে পাঠকক মুগ্ধ কৰি আহিছে ৷ তেখেতৰ পিতৃৰ নাম কমলচন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম লখিমী গোস্বামী ।
নগাঁও মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেঁও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । কিছুদিন শিক্ষকতা কৰাৰ পাছত বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত কাকত ‘নতুন দৈনিক’ৰ জৰিয়তে তেঁও ১৯৮৬ চনত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে । পৰৱৰ্তী সময়ত তেঁও আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতসমূহত সাংবাদিকতাৰ লগতে সম্পাদক আৰু কাৰ্যবাহী সম্পাদকৰূপে জড়িত হৈ পৰে ।
প্ৰায় ১২ বছৰ ধৰি টেলিভিছন চেনেল ডি. ৱাই. ৩৬৫ৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা গোস্বামীয়ে ২০২০ চনত ১ জুনত আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে (Manoj Kumar Goswami Assamese journalist)। সাংবাদিকতাৰ সমান্তৰালভাৱে গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া সাহিত্যলৈ নিজস্ব এক মনোগ্ৰাহী শৈলীৰ গল্পৰ জড়িয়তে অৱদান আগবঢ়াই আহিছে ৷ ঈশ্বৰহীনতা, স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে, প্ৰেমহীনতা, এলুমিনিয়ামৰ আঙুলি আদি গোস্বামীৰ জনপ্ৰিয় আৰু মননশীল গল্প সংকলন ৷
আনহাতে 'অনাদি আৰু অনন্য' মনোজ কুমাৰ গোস্বামীৰ প্ৰকাশিত একমাত্ৰ উপন্যাস ৷ কুৰি শতিকাৰ শেষৰটো দশকত সমীৰণ বৰুৱা আহি আছে গল্প সংকলনে অসমৰ সাহিত্য জগতত তোলপাৰ লগাইছিল বুলিলেও ভুল কোৱা নহ’ব ৷ শেহতীয়াভাৱে যোৱা নৱেম্বৰ মাহত বিশ্ব সমাদৃত লেখক ৰাস্কিন বণ্ডে উন্মোচন কৰিছিল মনোজ কুমাৰ গোস্বামীৰ গল্পৰ ইংৰাজী অনুদিত সংকলন "Muppet & other stories"(Ruskin Bond inaugurated Book of Manoj Kumar Goswami).
বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে বছৰটোৰ শেষত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰাটো নিশ্চিতভাৱে অসমৰ সাংবাদিক কুলৰ বাবেও এক আনন্দৰ খবৰ ৷
লগতে পঢ়ক: PMAY Scam in Dibrugarh : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়