ETV Bharat / state

সমাপ্ত হ’ল পৌৰ নিৰ্বাচন 2022

author img

By

Published : Mar 6, 2022, 9:33 PM IST

দেওবাৰে সমগ্ৰ অসমৰ ৮০ খন পৌৰ সভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় এই নিৰ্বাচন ৷ জানো আহক পৌৰ নিৰ্বাচন 2022 ৰ সবিশেষ (Assam municipal election 2022) ৷

assam-municipal-election-2022-detail-story
সমাপ্ত হ’ল পৌৰ নিৰ্বাচন 2022

নিউজ ডেস্ক, 6 মাৰ্চ : কঠোৰ নিৰাপত্তা আৰু ক’ভিড প্ৰট’কলৰ মাজতে দেওবাৰে সমগ্ৰ অসমৰ ৮০ খন পৌৰ সভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । ২৪ খন জিলাৰ ৯৭৭ টা ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ চলে। ৰাইজ ভোট দানৰ বাবে সোনকালে ওলাই অহাৰ বাবে দিনটোত বহুতো বুথৰ বাহিৰত দীঘলীয়া শাৰী দেখা গৈছিল । উল্লেখ্য যে, পৌৰ নিৰ্বাচনৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছে (EVM in Assam municipal election) । 70 শতাংশ ভোটদানেৰে সম্পন্ন হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া ৷

দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় এই নিৰ্বাচন ৷ উল্লেখযোগ্য যে, ২০২০ চনতে এই পৌৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়‍া আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে সময়মতে অনুষ্ঠিত নহ'ল পৌৰ নিৰ্বাচন । এইবাৰৰ নিৰ্বাচনত পৌৰসভাৰ বাবে থকা মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ৯৭৭টা ।এই ৱার্ডসমূহৰ বাবে ২৫৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে। ভোটগণনা ৯ মাৰ্চত অনুষ্ঠিত হ'ব ।

ইতিমধ্যে, সকলো ইভিএম সফলতাৰে ষ্ট্ৰং ৰূমলৈ লৈ যোৱা হোৱা বুলি জানিব দিছে নিৰ্বাচন আয়োগে ৷ আয়োগে জনোৱা মতে, এতিয়ালৈকে পুনৰ ভোট গণনাৰ কোনো অনুৰোধে দাখিল কৰা নাই কোনো প্ৰাৰ্থীয়ে ৷ ইয়াৰোপৰি, কোনো বিশেষ হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছে আয়োগে ৷

লগতে পঢ়ক : karbi youth festival 2022: কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.