ETV Bharat / state

২৮-২৯ মার্চত চকা বন্ধ: অসম মটৰ শ্ৰমিক সংগঠনৰ সমৰ্থন

author img

By

Published : Mar 21, 2022, 7:49 PM IST

সমগ্ৰ দেশৰ লগতে ২৮-২৯ মার্চত অসমতো ৪৮ ঘণ্টাৰ বাবে ব্যাহত হ’ব যাতায়ত ব্যৱস্থা 948 Hours Chakka Bandh on March 28 29 ) । ২৮-২৯ মার্চত ৪৮ ঘণ্টাৰ চকা বন্ধলৈ সমৰ্থন অসম মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ ।

২৮-২৯ মার্চত চকা বন্ধ: অসম মটৰ শ্ৰমিক সংগঠনৰ সমৰ্থন
২৮-২৯ মার্চত চকা বন্ধ: অসম মটৰ শ্ৰমিক সংগঠনৰ সমৰ্থন

গুৱাহাটী,২১ মাৰ্চ: সমগ্ৰ দেশৰ লগতে ২৮-২৯ মার্চত অসমতো ৪৮ ঘণ্টাৰ বাবে ব্যাহত হ’ব যাতায়ত ব্যৱস্থা (48 Hours Chakka Bandh on March 28 29 ) । মটৰ শ্ৰমিক সংগঠন সমূহে মটৰ শ্ৰমিক কল্যাণ আঁচনি কাৰ্যকৰী কৰা, যান বাহনৰ অত্যাধিক জৰিমনা প্ৰত্যাহাৰ, ক’ভিড কালৰ সাহায্য মটৰ শ্ৰমিকসকলক প্ৰদান কৰা আদি দাবীৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচন সমূহে আহ্বান জনোৱাঁ দুদিনীয়া চকাবন্ধলৈ মুকলি সমৰ্থন জনাইছে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই ।

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে বীৰেন শৰ্মাই । উল্লেখ্য যে চকাবন্ধ সফল কৰা বাবে জনতাৰ লগতে গাড়ীৰ গৰাকীসকলক আহ্বান জনায় শৰ্মাই কয়, বন্ধৰ সময়ছোৱাত পৰীক্ষাৰ্থী, গাখীৰ, পানীযোগান, বিজুলী, জৰুৰী-অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই প্ৰদান কৰা হৈছে ।

গুৰুত্বপূৰ্ণ কথা যে লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা মটৰ শ্ৰমিকক ৰাজ্য চৰকাৰে কোন ধৰণৰ সাহায্য নিদিলে । দুটাকৈ বছৰ ঘৰতে শুমাই থাকি মটৰ শ্ৰমিকসকলে এতিয়া ৰাজপথলৈ ওলাই আহিছে । কিন্তু ৰাজ্য চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ বাবে মটৰ শ্ৰমিকসকলক বাহনৰ অত্যাধিক কৰ আৰোপ কৰি জৰিমনা বিহিছে ।

যি সময়ত আৰ্থিক অনাটনত লাখ-লাখ গাড়ী চলাচল ইতিমধ্যে বন্ধ হৈছে, তেনে সময়ত যেনে তেনে চলাই থাকিব বিচৰা গৰাকীসকলক অত্যাধিক কৰৰ বোজা জাপি বাহনসমূহ বন্ধ কৰি দিয়াৰ উপক্ৰম ঘটাইছে ।

লগতে পঢ়ক: ৰাজপথতে কাপোৰ ফালি পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ : কি ক’লে ভুক্তভোগীয়ে ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.