ETV Bharat / state

Assam Govt decides recruitment : বিলুপ্ত হ’ব পাৰে ২০১৮-১৯ বৰ্ষৰ আগৰ খালী পদসমূহ

author img

By

Published : May 7, 2023, 1:24 PM IST

দীর্ঘদিনে খালী থকা তথা উপযোগী নোহোৱা পদৰ তালিকা বিচাৰি বিভাগসমূহলৈ বিত্ত বিভাগৰ পত্ৰ । তালিকাৰ ভিত্তিতে দীর্ঘকাল খালী হৈ থকা পদবোৰ বিলোপ কৰা হ’ব । ২০১৮-১৯ বৰ্ষৰ আগৰ পৰা খালী হৈ থকা পদবোৰ বিলুপ্তিৰ ফলত ৰাহি হোৱা পুঁজিৰেই নতুন নিযুক্তিপ্ৰাপ্তসকলৰ দা-দৰমহাৰ বোজা জোৰা মৰাৰ লক্ষ্য চৰকাৰৰ (Assam Govt decides recruitment vacant posts before 2019 will be abolished)৷

Assam Govt decides recruitment
দীর্ঘকাল খালী হৈ থকা পদবোৰ বিলোপ কৰা হ’ব

গুৱাহাটী, ৭ মে’ : অসম চৰকাৰে এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে (Assam Govt decides recruitment) । ১১ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানত ৫০ হাজাৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰি এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব । কিন্তু এই বিশাল নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে বিত্ত বিভাগৰ এক নিৰ্দেশনাই আন এক দিশ উন্মোচিত কৰিছে ।

বিত্ত বিভাগে চৰকাৰী বিভাগসমূহলৈ জাৰি কৰা নিৰ্দেশনাযোগে দীর্ঘদিন খালী হৈ থকা আৰু উপযোগিতা নথকা পদসমূহ চিনাক্ত কৰি বাতিলৰ প্ৰস্তাৱ দাখিল কৰিবলৈ কোৱা হৈছে । সেই অনুসৰি ২০১৮-২০১৯ বৰ্ষৰ আগৰ পৰা খালী হৈ থকা পদসমূহ বিলুপ্ত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে (Vacant posts before 2019 will be abolished)।

ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ লৈছে । লক্ষণীয় বিষয় যে বিগত ২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষৰ সময়ছোৱাত বিত্ত বিভাগৰ ষ্টাফ পৰিদৰ্শন গোটে যিবোৰ পদ অত্যাৱশ্যকীয় হিচাপে গণ্য কৰি নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অনুমোদন দিছিল তাৰ ম্যাদ অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে আৰু এই সময়ছোৱাৰ ভিতৰত অনুমোদিত পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে ।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে যোৱা ২০১২-২০১৩ চনৰ পৰা ২০১৮-১৯ বৰ্ষৰ সময়ছোৱাত যিবোৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছিল সিবিলাকৰ ক্ষেত্ৰত ন্যায়ালয়ৰ সহমত সাপেক্ষে বিত্ত বিভাগে পুনৰ নিৰ্দিষ্ট পদসমূহ পূৰণৰ বাবে অনুমোদন দিয়াৰ কথা বিবেচনা কৰিব যদিও অন্য পদসমূহ ইয়াৰ আওতালৈ নাহে । সেইফালৰ পৰা ২০১৮-১৯ বৰ্ষৰ আগৰ পৰা খালী হৈ থকা বৃহৎ সংখ্যক খালী পদ বিলুপ্ত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ।

বিত্ত বিভাগে অলপতে জাৰি কৰা নিৰ্দেশনা মৰ্মেই চৰকাৰী বিভাগসমূহক দীর্ঘকাল খালী হৈ থকা তথা উপযোগিতা নোহোৱা সকলোবোৰ পদ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বিত্ত বিভাগৰ ব্যয় নিয়ন্ত্ৰণ শাখাৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিবলৈ কোৱা হৈছে আৰু সেই তালিকাৰ ভিত্তিতে দীর্ঘকাল খালী হৈ থকা পদবোৰ বিলোপ কৰা হ’ব ।

উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষৰ আগৰ পৰা খালী হৈ থকা পদবোৰ বিলুপ্তিৰ ফলত ৰাহি হোৱা পুঁজিৰেই নতুন নিযুক্তিপ্ৰাপ্তসকলৰ দা-দৰমহাৰ বোজা জোৰা মৰা হ'ব । এক কথা ঠিক যে ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা বৰ সুবিধাজনক নহয় ।

উল্লেখ্য যে, বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবেই ১৯৯৬ চনত মহন্ত চৰকাৰে ৰাজ্যত সকলো নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখি কেন্দ্ৰৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল । বৰ্তমানৰ চৰকাৰে বিত্তীয় অৱস্থাৰ জোৰা মাৰিবলৈ ঋণৰ উপৰি ঋণ লোৱাৰ লগতে পদৰ বিলুপ্তিকৰণ কৰিব বিচাৰিছে ৷

লগতে পঢ়ক : Congress complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.