ETV Bharat / state

পুনৰ সলনি ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া - government employees work time again changed

তিনিদিন পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ নতুন কামৰ সময় আৰু নিয়ম ঘোষণা কৰাৰ পিছত শনিবাৰে পুনৰ ৰাজ্যিক চৰকাৰে সলনি কৰিছে চৰকাৰী কৰ্মচাৰীৰ কাম ৷ উল্লেখ্য যে, কেৱল সচিবালয় (জনতা ভৱন)ৰ বাবেহে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

পুনৰ সলনি ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া

author img

By

Published : May 23, 2020, 3:44 PM IST

গুৱাহাটী, 23 মে’: শেহতীয়া কোভিড-19ৰ পৰিপ্ৰেক্ষিতত ঘনে ঘনে চৰকাৰে সলনি কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া । মাত্ৰ তিনিদিন পূৰ্বে কৰ্মচাৰীৰ নতুন কামৰ সময় আৰু নিয়ম ঘোষণা কৰা হৈছিল ৷ য’ত কোৱা হৈছিল‌ যে, কৰ্মচাৰীসকলে দুটা গোটত বিভক্ত হৈ কাৰ্যালয়লৈ যাব লাগিব । এটা গোটে পুৱা 9.30 বজাৰ বিপৰীতে আনটো গোটে দিনৰ 11.30 বজাৰ পৰা কাম কৰিব লাগিব । লগতে প্ৰথম গোটটোত অগ্ৰাধিকাৰ পাব দিব্যাংগ আৰু মহিলা কৰ্মচাৰীয়ে ।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে পুনৰ এক নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । কেৱল সচিবালয় (জনতা ভৱন)ৰ বাবেহে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে । নতুন নিৰ্দেশনাত কোৱা হৈছে যে, 5 বছৰ বয়স পৰ্যন্ত সন্তান থকা বা গৰ্ভৱতী মহিলা কৰ্মচাৰীসকল কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন নাই । তেওঁলোকে ঘৰৰ পৰাই কাৰ্যালয়ৰ সৈতে‌ যোগাযোগ ৰাখিব পাৰিব ৷

পুনৰ সলনি ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া
পুনৰ সলনি ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া

আনহাতে, উপ সচিব পৰ্যায়কে ধৰি সকলো বিষয়া দৈনিক নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব । প্ৰথম শ্ৰেণীৰ বিষয়াসকলে কোনো বিশেষ দিনত কাৰ্যালয়লৈ নাহিলেও হ’ব । কিন্তু এই ৰেহাই বিশেষ এটা শ্ৰেণীৰ বিষয়াৰ বাবে কিয় জাৰি কৰা হ’ল তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মযোগী” উপাধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.