ETV Bharat / state

ৰহস্যময়ী জাতিংগা.... - Dima Hasao district Jatinga

পক্ষীৰ আত্মহত্যাৰ ৰহস্য উদঘাটন কৰিবৰ বাবে ইতিমধ্যে বিভিন্নজনে বিভিন্ন লেখনি প্ৰকাশ কৰিছে ৷ কিন্তু বহু সময়লৈ ইয়াৰ ৰহস্য ফাদিল কৰাত ব্যৰ্থ হৈছিল বহুজন ৷ কোনোৱে যদি কয় পক্ষীৰ মৃত্যুৰ সময় আহিলে নিজে উক্ত স্থালনৈ উৰি যায় বুলি উল্লেখ কৰিছে আন একাংশৰ মতে আকৌ উক্ত স্থানত আছে অশৰীৰী আত্মা ৷ ফলত নাইকিয়া হৈ যায় পক্ষীকূল ৷

Jatinga
ৰহস্যময়ী জাতিংগা
author img

By

Published : Aug 16, 2020, 8:55 PM IST

মানুহৰ জীৱন আৰু মানৱ সভ্যতা বিচিত্ৰতাৰে ভৰা । এই বিচিত্ৰতাৰ অন্যতম একক হ’ল জিজ্ঞাসা । নজনাক জনাৰ হেঁপাহ প্ৰত্যেক মানুহৰে অন্তৰত আছে । বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো নজনা কথা আমাৰ জানিবলৈ মন যায় ৷ প্ৰতিটো ঘটনা বা ইয়াৰ আঁৰৰ ৰহস্যৰ বিষয়ে জানিবলৈ কৌতূহলী হৈ পৰে মানুহ ৷ ETV BHARAT ৰ প্ৰচেষ্টা , ব্ৰহ্মাণ্ডৰ কিছু নজনা কথাৰ বিষয়ে আপোনালোকক জনোৱা...

আত্মহনন ! আজিৰ সময়ত মানুহৰ ক্ষেত্ৰত আত্মহত্যা তেনেই সাধাৰণ ঘটনা ৷ কিন্তু কেতিয়াবা পক্ষীৰ আত্মহননৰ কথা শুনিছেনে ? আমি ক'ব বিচাৰিছো জাতিংগাৰ কথা ...

জাতিংগা (Jatinga) হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও । গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিল'মিটাৰ নিলগত অৱস্থিত জাতিংগা । এই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত । কথিত আছে যে, আগষ্টৰ পৰা অক্টোবৰ মাহত জাতিংগাত দেশ-বিদেশৰ বিভিন্ন পক্ষীয়ে আত্মহত্যা কৰে ৷ আকাশত উৰি ফুৰা চৰাই উক্ত স্থানৰ পৰা হঠাৎ নোহোৱা হৈ যায় ৷ পক্ষীৰ আত্মহত্যাৰ ৰহস্য উদঘাটন কৰিবৰ বাবে ইতিমধ্যে বিভিন্নজনে বিভিন্ন লেখনি প্ৰকাশ কৰিছে ৷ কিন্তু বহু সময়লৈ ইয়াৰ ৰহস্য ফাদিল কৰাত ব্যৰ্থ হৈছিল বহুজন ৷ কোনোৱে যদি কয় পক্ষীৰ মৃত্যুৰ সময় আহিলে নিজে উক্ত স্থানলৈ উৰি যায় বুলি, আন একাংশৰ মতে আকৌ উক্ত স্থানত আছে অশৰীৰী আত্মা ৷ ফলত নাইকিয়া হৈ যায় পক্ষীকূল ৷

Jatinga
ৰহস্যময়ী জাতিংগা....

লগতে পঢ়কঃ কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতত উজলিল ভাৰতৰ ত্ৰিৰংগা

কিন্তু ক্ৰমাৎ হ্ৰাস পাইছে জাতিংগাত পক্ষীৰ আত্মহত্যাৰ ঘটনা ৷ প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে । পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে । এই গাঁৱত প্ৰায় ২,৫০০ গৰাকী খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে । মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬ বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয় । গাঁওবাসীয়ে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে । তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে । এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে, আকাশৰ পৰা আত্মাসমূহে উৰি আহি তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰাৰ চেষ্টা কৰে ।

১৯৬০ দশকত প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee-এ এই ঘটনাটো সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰে । তেওঁ প্ৰসিদ্ধ পক্ষীবিদ স্বৰ্গীয় ছলিম আলি ৰ লগত জাতিংগা ভ্ৰমণ কৰিছিল । আনহাতে ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁওবাসীক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ পিছত, জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.