ETV Bharat / state

কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

author img

By

Published : Dec 25, 2020, 3:26 PM IST

২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ । "অসম দৰ্পন" আঁচনিৰ মুকলি কৰি ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব । ইয়াৰোপৰি বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি‌ টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।

কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ
কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

গুৱাহাটী, ২৫ ডিচেম্বৰ: দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অৰ্থাৎ ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে আমিনগাঁৱৰ জালাহ নুমলি খেলপথাৰত কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ ল'ব মন্ত্ৰীগৰাকীয়ে । এই সভাত "অসম দৰ্পন" আঁচনিৰ শুভাৰম্ভণি কৰি ইয়াৰ অধীনত ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । লগতে ৰাজ্যত নতুনকৈ স্থাপন হ'বলগীয়া ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ৩৩ কোটি টকা আৱণ্টন দিছে । তাৰ সমান্তৰালকৈ বটদ্ৰবা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি‌ টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।

উল্লেখনীয় যে, পূৰ্বৰ সময়সূচী অনুসৰি বৰদিনৰ দিনা অৰ্থাৎ ২৫ ডিচেম্বৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল শ্বাহ । পৰৱৰ্তী সময়ত এই ভ্ৰমণসূচীৰ সামান্য সালসলনি ঘটাত শুকুৰবাৰে পুৱাই বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব । বিমানবন্দৰৰ পৰা পোনে পোনে তেওঁ আমিনগাৱলৈ ৰাওনা হ'ব । তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই দুদিনীয়া ভ্ৰমণসূচীত অমিত শ্বাহে কোনো তাৰকাযুক্ত হোটেলত বাহৰ পতাৰ পৰিৱৰ্তে আমিনগাঁৱত থকা লোকনিৰ্মাণ (পূৰ্বৰ গড়কাপ্টানী) বিভাগৰ অতিথিশালাত থাকিব ।

মন কৰিবলগীয়া যে নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণে আগন্তুক বিধানসভা নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পেলাব ।

লগতে পঢ়ক:দুবছৰীয়া হ'ল হেঁপাহৰ সেতু বগীবিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.