ETV Bharat / state

ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানৰ ঘোষণা অমিত শ্বাহৰ

author img

By

Published : Dec 26, 2020, 8:14 PM IST

শনিবাৰে গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত বিজেপিৰ সভাত ৰাজ্যৰ 8 হাজাৰ নামঘৰক 2.50 লাখকৈ অনুদানৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অমিত শ্বাহে ৷ সমান্তৰালকৈ বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আধুনিকীকৰণ বাবে 180 কোটিৰ এক অভিলাসী আঁচনিৰো শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

As_kam_amit-shah-announces-donation-to-8-thousand-namgarh-at-amingaon-bjp-meeting_vis_as10020
ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানৰ ঘোষণা অমিত শ্বাহৰ

গুৱাহাটী, 26 ডিচেম্বৰ: শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত বিজেপিৰ সভাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এই সভাতেই ৰাজ্যৰ 8 হাজাৰ নামঘৰক আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে 9 খনকৈ আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ সভাত ভাষণ আগবঢ়াই শ্বাহে কয়, অসমত শংকৰদেৱে প্ৰতিষ্ঠা কৰা কৃষ্টি-সংস্কৃতি সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ ৷ শংকৰদেৱে অসমৰ সাহিত্যক ভাৰতবাসীৰ আগত পৰিচিত কৰিছে ৷ অসমৰ সাহিত্য অবিহনে ভাৰতৰ সাহিত্য আধৰুৱা ৷

অমিত শ্বাহৰ মন্তব্য

অসমৰ মঠ-মন্দিৰ, থান মেৰামতিৰ বাবে অসম চৰকাৰে হাতত লোৱা 155 কোটি টকাৰ আঁচনিৰ বিষয়ে উল্লেখ কৰি আজিৰ সভাতেই ৰাজ্যৰ 8 হাজাৰ নামঘৰক 2.50 লাখকৈ অনুদান আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ সমান্তৰালকৈ বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ আৰু আধুনিকীকৰণ বাবে 180 কোটিৰ এক অভিলাসী আঁচনিৰো শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, এই সন্দৰ্ভত কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কংগ্ৰেছ নিজৰ শাসনকালত মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰখন অসমত গড় হত্যাৰ সৈতে জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে এই গড়হত্যা ৰোধৰ বাবে বৰ্তমানৰ শাসকীয় চৰকাৰখনে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৷

অমিত শ্বাহৰ মন্তব্য

ইয়াৰ উপৰিও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ ভাষণৰ প্ৰসংগত কয়, এই ধৰণৰ সভা আমাৰ জাতিটোৱে দেখা নাছিল য'ত আমাৰ ধৰ্ম সংস্কৃতিক এনেদৰে সন্মান দিয়া হয় । ইয়াৰ উপৰিও বটদ্ৰৱাৰ পৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম দৰ্পন আঁচনিৰ জৰিয়তে ৰাজ্যৰ নামঘৰসমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা বুলি মন্তব্য কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় উত্তৰ-পূৰ্বাঞ্চলক এক নতুন দৃষ্টিৰে দেশবাসীয়ে চাব ধৰিছে ৷ যাৰ বাবে অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অসম দৰ্পন আঁচনিৰ জড়িয়তে সমগ্ৰ দেশে অসমৰ মঠ মন্দিৰ দৰ্শন কৰিব পাৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । বটদ্ৰৱা থানৰ নতুন এই প্ৰকল্প সমগ্ৰ বিশ্বত জিলিকিব ৷ এই প্ৰকল্পৰ জৰিয়তে বিশ্বৰ পৰ্যটকসকলে বটদ্ৰৱাত বিশেষ ৰূপ দেখিবলৈ পাব বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে ।

উল্লেখ্য যে, এই সভাত চৰকাৰে ধুবুৰী,ৰঙিয়া,ডিব্ৰুগড়, শিলচৰ,কাছাৰ,তেজপুৰ,উত্তৰ লক্ষীমপুৰত আইন মহবিদ্যালয় স্থাপনৰো প্ৰকল্প হাতত লয় ৷ ইয়াৰ উপৰিও ৬১৪ কৌটি টকাৰ পথ নিৰ্মাণৰো প্ৰকল্প গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সমান্তৰালককৈ অসমত প্ৰায় 98 শতাংশ লোক মহামাৰী ক’ভিড 19ৰ পৰা সুস্থ হৈ উঠিছে যাৰ বাবে অসমৰ স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে অমিত শ্বাহে ৷ শনিবাৰৰ এই সভাত অমিত শ্বাহৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিযুষ হাজৰিকা, ভৱেশ কলিতা, অতুল বৰা, নৱ কুমাৰ দলে, ৰামেশ্বৰ তেলী, কুইন ওজা ।

লগতে পঢ়ক-প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.