ETV Bharat / state

সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

author img

By

Published : Feb 20, 2021, 3:05 PM IST

ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Amendment to be 'Assam Liberation Fighter Policy'
সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

গুৱাহাটী, ২০ ফেব্ৰুৱাৰীঃ প্ৰাপ্য বিচাৰি আন্দোলনত নমা ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি "অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি" সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

একেদৰে এতিয়াৰে পৰা মুক্তি যুঁজাৰু সকলে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা । মুক্তি যুঁজাৰুৰ পেঞ্চন বৰ্তমানৰ ২১ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব বুলিও বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

আনহাতে ১৯ গৰাকী স্বাধীনতা যুঁজাৰু আত্মীয়লৈ চৰকাৰে আগবঢ়াব পাঁচ লাখ টকাকৈ এককালীন সাহাৰ্য । সমান্তৰালভাৱে এতিয়াৰে পৰা মুক্তি যুঁজাৰু সকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ শেষকৃত্য মৰ্যাদা সহকাৰে কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.