ETV Bharat / state

Land grabbing allegation: মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অখিলে আনিছে নতুন প্ৰত্যাহ্বান - মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি কেলেংকাৰী বিতৰ্ক

সোমবাৰে বিধায়ক অখিল গগৈয়ে ৰাজহ বিভাগৰ প্ৰধান সচিবক সাক্ষাৎ (Akhil Gogoi met revenue secretary) কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা ভূমি কেলেংকাৰী হোৱাৰ অভিযোগ (Land grabbing allegation against CM family) সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ দাখিল কৰিবলৈ জনালে দাবী ৷ জানো আহক মুখ্যমন্ত্ৰীক কি কি প্ৰত্যাহ্বান জনালে বিধায়ক গৰাকীয়ে ৷

Akhil demands inquiry against CM wife for Land grabbing allegation
Land grabbing allegation: মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অখিলে আনিছে নতুন প্ৰত্যাহ্বান
author img

By

Published : Dec 13, 2021, 7:35 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দ্বাৰা ভূমি কেলেংকাৰী হোৱাৰ অভিযোগ(Land grabbing allegation against CM family) সন্দৰ্ভত সোমবাৰে বিধায়ক অখিল গগৈয়ে ৰাজহ বিভাগৰ প্ৰধান সচিবক সাক্ষাৎ কৰে(Akhil Gogoi met revenue secretary) । অখিল গগৈয়ে ভূমি নীতি আৰু ভূমি আইন তথা ভূমি সম্পৰ্কীয় জাননী ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ পত্নী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে ৰাজহ বিভাগৰ প্ৰধান সচিবক স্মাৰক পত্ৰ দাখিল কৰে ।

অখিল গগৈৰ অভিযোগ মতে, ভূমিহীন খিলঞ্জীয়া মানুহক চৰকাৰে আবন্টন দিয়া মাটি বেদখল কৰিছে RBS ৰিয়েলটৰ্চে(RBS Realtors Private Limited)। ২৯ বিঘা ৯ লেছা মাটি বেদখল কৰা সন্দৰ্ভত এই অভিযোগ দাখিল কৰিলে অখিলে । উল্লেখযোগ্য যে, এই অভিযোগৰ লগত বিভিন্ন নথি সংলগ্ন কৰি দিয়া হৈছে । ইয়াৰোপৰি, মুখ্যমন্ত্ৰীৰ পত্নী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ দাখিল কৰিবলৈ ৰাজহ বিভাগৰ প্ৰধান সচিবক আহ্বান জনায় অখিল গগৈয়ে(Akhil demands inquiry against CM wife) ।

Land grabbing allegation: মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অখিলে আনিছে নতুন প্ৰত্যাহ্বান

বে আইনী ভাৱে ভূমি দখল কৰি থকাৰ অভিযোগ(Land Grabbing Allegation)ৰ ভিত্তিত ৪২০ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈকো দাবী জনাইছে অখিল গগৈয়ে । ১০ বছৰ বিক্ৰী কৰিব নোৱাৰা ভূমি ৩ মাহতে বিক্ৰী কৰি দিয়া বুলিও অখিল গগৈয় কৰিছে অভিযোগ ।

কেৱল ইমানেই নহয় তেওঁৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি বিতৰ্ক কৰিবলৈকো প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে(Akhil challenges CM for open debate) । অখিল গগৈ কয় যে, মুখমন্ত্ৰীৰ পৰিয়ালক তেল মাৰিবলৈ আৰু তোষামোদ কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই অৰ্কিড পাৰ্কৰ ভূমি বেদখল কৰা বুলি অভিযোগ আনিছে । সাহস আছে যদি তেওঁ মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীক লৈ মাত মাতক বুলি মন্ত্ৰী হাজৰিকাকো প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে ।

লগতে পঢ়ক : চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.