ETV Bharat / state

Assam budget 2023; অসম 2023-24 বাজেট নতুনত্বহীন হতাশজন : অসম জাতীয় পৰিষদ - ৷ অসম বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা

হিতাধিকাৰীক তুষ্টিকৰণৰ বাজেট ৰাজ্যৰ মৌলিক সমস্যাক আওকাণ কৰিলে চৰকাৰে ৷ অসম বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা অসম জাতীয় পৰিষদৰ (AJP reacts on Assam budget 2023)৷

Assam budget 2023
অসম বাজেটখন নতুনত্বহীন আৰু হতাশজন : অসম জাতীয় পৰিষদ
author img

By

Published : Mar 16, 2023, 10:55 PM IST

গুৱাহাটী, ১৬ মাৰ্চ : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা অসম বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা দিছে অসম জাতীয় পৰিষদে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘হিতাধিকাৰীক তুষ্টিকৰণৰ লক্ষ্য আৰু নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত ভোটবেংকৰ ৰাজনীতিৰ লক্ষ্যৰে এই বাজেট প্ৰস্তুত কৰিছে চৰকাৰে’’ (AJP reacts on Assam budget 2023)৷

হিতাধিকাৰী সৃষ্টিয়েই এখন ৰাজ্যৰ উন্নতি নাসাধে বুলি উল্লেখ কৰি সভাপতি গগৈয়ে কয়, ‘‘বাজেটখনত জনতা আশা-আকাংক্ষা প্ৰতিফলিত হোৱা নাই ৷ ৰাজ্যৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ মাজতে কেৱল মাত্ৰ হিতাধিকাৰীক তুষ্টিকৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা এখন বাজেটে ৰাজ্যখনৰ বাস্তৱিক উন্নয়ন নাসাধে ৷ কেৱল চমক আৰু ভাষণবাজীৰে ৰাজ্য নচলে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে হিতাধিকাৰীৰ সৃষ্টিয়ে আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক’’ ৷

‘‘মুখ্যমন্ত্ৰীগৰাকীয়েই যদি হিতাধিকাৰী সৃষ্টিৰ পৃষ্ঠপোষকতা কৰে, তেন্তে ৰাজ্যখনৰ বাবে এয়া নিৰাশাৰ খবৰ ৷ উৎপাদনশীলতাৰ বিপৰীতে হিতাধিকাৰীক তুষ্টিকৰণেই এতিয়া চৰকাৰৰ প্ৰধান লক্ষ্য ৷ এখন ৰাজ্যত যেতিয়া নাগৰিকসকলক হিতাধিকাৰী সজাই পেলোৱা হয়, তেনে ৰাজ্যত প্ৰকৃত উন্নয়ন কেতিয়াও সম্ভৱ নহয় ৷’’ এই কথা উল্লেখ কৰে সভাপতি গগৈয়ে (Assam budget 2023) ৷

লগতে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, ‘‘অতি গুৱাহাটীকেন্দ্ৰিক এখন বাজেট প্ৰস্তুতেৰে ৰাজ্যখনৰ প্ৰান্তীয় আৰু অন্যান্য অঞ্চলসমূহৰ উন্নয়নৰ বাবে চৰকাৰখনৰ মনোযোগহীনতা আৰু অৱহেলা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ৷ গুৱাহাটীৰ উন্নয়ন মানেই চৰকাৰে কেইখনমান উৰণ সেতু নিৰ্মাণকহে বুজে ৷ তাৰ বাহিৰে মহানগৰখনৰ সৌন্দৰ্য বৰ্ধন, কৃত্ৰিম বান নিয়ন্ত্ৰণ, প্ৰদূষণ নিয়ন্ত্ৰণ, পানী যোগান ইত্যাদি সমস্যা সমাধানৰ বাবে চৰকাৰৰ হাতত কোনো বাস্তৱসন্মত পৰিকল্পনা আৰু নীতি নাই ৷ আৰু তাৰেই ফল ভুগি আছে গুৱাহাটীবাসীয়ে’’ ৷

আনহাতে, দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবেও কোনোধৰণৰ আশাৰ সঞ্চাৰ পৰিলক্ষিত হোৱা নাই এই বাজেটত ৷ পূৰ্বৰ বহু ঘোষণাৰ পুনৰুল্লিখনেৰে ৰাজ্যখনৰ দুৰ্বল আন্তঃগাঁথনিকহে তুলি ধৰিলে বাজেটখনে ৷

অৰুণোদয় আঁচনিৰ ধন বঢ়াই দিয়াৰ বাহিৰে বাজেটখনত নাই আন্তঃগাঁথনি উন্নয়নৰ কোনো প্ৰস্তাৱ ৷ দামবৃদ্ধি, কৰবৃদ্ধি কৰি হিতাধিকাৰীক তুষ্টিকৰণেৰে চৰকাৰে অৰ্থনৈতিক পৰিকাঠামোক ইতিমধ্যে ধ্বংস কৰি পেলাইছে ৷ কেবিনেট বৈঠকৰ নামত ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰা চৰকাৰখনে বাজেটত জনতাৰ মনৰ হতাশাক দূৰ কৰাত ব্যৰ্থ হৈছে’’ ৷

লগতে পঢ়ক : Assam Budget 2023: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বাবে কি কি আঁচনি আছে বাজেটত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.