ETV Bharat / state

GMC Election 2022 : গুৱাহাটী পৌৰ নিগমৰ ২৬ টা ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী - তিমধ্যে ২৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

দল গঠনৰ পাছত প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব AJP য়ে । ইতিমধ্যে ২৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন (AJP candidates file nominations for GMC elections) ।

ajp candidates in gmc election
artist making japi in nalbari
author img

By

Published : Mar 30, 2022, 7:24 PM IST

গুৱাহাটী, ৩০ মাৰ্চ: অসম জাতীয় পৰিষদে গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ২৬ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াব । গুৱাহাটী পৌৰ নিগম নির্বাচনৰ বাবে ইতিমধ্যে মুঠ ২৬ গৰাকী প্রার্থীয়ে অসম জাতীয় পৰিষদ দলৰ হৈ মনোনয়ন পত্র দাখিল কৰিছে (AJP candidates file nominations for GMC elections)। মঙলবাৰে ৭ গৰাকী আৰু বুধবাৰে ১৯ গৰাকী প্রার্থীয়ে দলৰ হৈ মনোনয়ন পত্র দাখিল কৰিছে ।

উল্লেখ্য AJPয়ে প্রথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্রতিদ্বন্দিতা কৰিব । দল গঠন হোৱাৰ পিছত দলৰ বাবে এইটো পৌৰ নিগমৰ প্ৰথমটো নির্বাচন । সেইবাবেই প্রার্থী বাচনি প্রক্রিয়া যথেষ্ট সতর্কতাৰে সম্পন্ন কৰা হৈছে বুলি দলৰ কেন্দ্রীয় সম্পাদক তথা কামৰূপ মহানগৰ জিলাৰ তত্ত্বাৱধায়ক ৰাজীৱ ভট্টাচাৰ্যই সদৰি কৰে ।

যিহেতু নাগৰিকৰ প্ৰতিটো প্রাপ্য আৰু অধিকাৰৰ সৈতে পাৰিষদ সকল প্রতিটো মুহূর্ততে যুক্ত হৈ থাকিব লাগে আৰু নাগৰিকৰ সমস্যা সমূহ দৈনন্দিন জীৱন যাত্ৰাৰ সৈতে জড়িত, সেয়েহে দলে প্ৰতিটো ৱাৰ্ডতে স্থানীয় প্রার্থীক প্রার্থীত্ব প্রদান কৰিছে বুলি নেতা গৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক: Rajya Sabha Election: কংগ্ৰেছক বিশ্বাসঘাটকতা কৰিলে এ আই ইউ ডি এফে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.