ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা খবৰ - 7 P.M TOP TEN NEWS

7 বজাৰ শীৰ্ষ দহটা খবৰ

7 P.M TOP TEN NEWS
7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 12, 2021, 7:02 PM IST

অসম আহি পালে ক'ভিডৰ ভেকচিন

অৱশেষত অসম আহি পালে ক'ভিড ভেকচিন ৷ SG 7451 নম্বৰৰ স্পাইচ জেট বিমানযোগে অনা হৈছে ক'ভিড ভেকচিন ৷ 5 বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছে ভেকচিন কঢ়িওৱা বিশেষ বিমানখন ৷ অসম আৰু মেঘালয়ৰ বাবে অনা হৈছে ক'ভিড ভেকচিন ৷

লখিমপুৰৰ বগী নদীত দুষ্প্ৰাপ্য কেঁকো সাপসহ এজন লোকক আটক

লখিমপুৰৰ বগী নদীত দুষ্প্ৰাপ্য কেঁকো সাপ সহ এজন লোকক আটক । বগী নদী আৰক্ষীৰ অভিযানত বগী নদীৰ নগাঁৱত কেঁকো সাপ সহ আটক কৰে যুৱকজনক । বগী নদী আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও চাৰিআলিত বগী নদী আৰক্ষীয়ে অভিযান চলাই চোৰাং বজাৰত বিক্ৰী কৰিবলৈ লৈ যোৱা অৱস্থাত কেঁকো সাপৰ লগতে এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম ছাত্ৰ সন্থা

সোমবাৰে শিলচৰত অংশগ্ৰহণ কৰা বিজেপিৰ সংকল্প ৰেলীত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পন্ন হোৱা বুলি জে.পি. নাড্ডাই কৰা মন্তব্যক লৈ সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা ৷ মঙলবাৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ ৰাজগড় আঞ্চলিক সমিতিয়ে ৷

কৃষি আইন প্ৰযোজ্য কৰাত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান ৰাখিছে ৷ লগতে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ‘বলৈ চাৰিজনীয়া সদস্যৰ এক সমিতিও গঠন কৰি দিছে শীৰ্ষ আদালতে ৷

নগাঁৱত কৃষিভূমি ব্যক্তিগত কোম্পানীত গতাই দিয়াৰ অভিযোগত কৃষক বিক্ষোভ

নগাঁৱত প্ৰতিবাদ ৷ কৃষিভূমি বে-আইনী ভাৱে ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ অভিযোগ ৰাইজৰ ৷ কোনো কাৰণতে কৃষকৰ দখলকৃত কৃষিভূমি ব্যক্তিগত কোম্পানীক গতাই নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

ৰাইজৰ দলত যোগ দিলে সমাজকৰ্মী নিৰন্ত গোঁহায়ে

মঙলবাৰে ৰাইজৰ দল মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীতেই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে নিৰন্ত গোঁহায়ে ৷

বিজেপিৰ পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল উন্মোচন কৰিলে জিতেন্দ্ৰ সিঙে

স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটী ৰাজীৱ ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত "বিজেপিৰ আভুৱা ভৰা বাজেট, পাঁচ বছৰীয়া ব্যৰ্থতাৰ দলিল" শীৰ্ষক পুস্তিকা উন্মোচন কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷

উৰুকাৰ এসাঁজৰ বাবে ব্যস্ত বৰপেটাৰ মীনপালক

বুধবাৰে ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব হেঁপাহৰ উৰুকা ৷ উৰুকা উপলক্ষে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে ৷ উৰুকাৰ পূৰ্বে ইতিমধ্যে ব্যস্ত হৈ পৰিছে বৰপেটাৰ মীনপালক সকল ৷ কিয়নো ৰাজ্যৰ বজাৰত আছে বৰপেটাৰ মাছৰ এক বিশেষ চাহিদা ৷ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় বৰপেটাৰ মাছ ৷ ইতিমধ্যে বিগত প্ৰায় এসপ্তাহে বিভিন্নধৰণৰ থলুৱা মাছসমূহ ৰাজ্যৰ বিভিন্ন ঠাইৰ বজাৰলৈ প্ৰেৰণ কৰিছে মীনপালক সকলে ৷

ডুমডুমা এফআৰউত চিকিৎসাকৰ্মীক আক্ৰমণ

ডুমডুমাত এফআৰইউত পথ দুৰ্ঘটনাত নিহত হোৱা লোকক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত একাংশ ৰাইজে চিকিৎসকৰ গাফিলতিৰ বাবে লোকজনৰ মৃত্যু হোৱা বুলি আক্ৰমণ চলায় কৰ্তব্যৰত চিকিৎসকক ৷

সপত্নীক কামাখ্যা দেৱালয় দৰ্শন জেপি নাড্ডাৰ

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডাই দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ৷ সোমবাৰে শিলচৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ পিচতেই নিশাই তেখেতে গুৱাহাটীত উপস্থিত হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.